Entertainment
Digital Desk: A normal human being can turn into a 'hero' overnight by his or her empathy, compassion for others, and selflessness at any point in time. Such an example was set by an auto driver recently in a city
ডিজিটেল ডেস্কঃ আপুনি জ্বালমুৰি খায় ভাল পায়নে?
পথৰ কাষতে পোৱা এই জ্বালমুৰিৰ জ্বলা-নিমখীয়া
স্বাদৰ বাবে আপোনাৰ জিভাৰ পানী পৰেনে? যদি আপুনি জ্বালমুৰি ভাল পায়, তেন্তে ভাল খবৰ।
অনুষ্কা শৰ্মাইও জ্বালমুৰি ভাল পায়।
শেহতীয়াকৈ বলিউডৰ অভিনেত্ৰীগৰাকী চাকডা এক্সপ্ৰেছ
নামৰ এখন ছৱিৰ শ্বুটিঙৰ বাবে কলকাতাত আছে। শ্বুটিং চলি থকাৰ মাজতে কলিকতাৰ পথৰ কাষত
পোৱা জ্বালমুৰিৰ সোৱাদ লৈছে অনুষ্কাই।
শুকুৰবাৰে ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁ জ্বালমুৰিৰ
এখন ফটোও শ্বেয়াৰ কৰিছে। দেখা গৈছে যে বাতৰি কাগজৰ ঠোঙাত জ্বালমুৰি লৈ অনুষ্কাই তাৰ
সোৱাদ লৈছে।
কেৱল জ্বালমুৰিয়েই নহয়, কলিকতাত তেওঁ ব্ৰেকফাষ্ট
হিচাপে মধুৰিআমো খাইছে। ইনষ্টাগ্ৰামত অনুষ্কাই লিখিছে- “ব্ৰেকফাষ্টৰ বাবে জ্বালমুৰি
আৰু মধুৰিআম!”
উল্লেখ্য যে নতুন ছৱি চাক্ডা
এক্সপ্ৰেছৰ কামত ব্যস্ত আছে অনুষ্কা শৰ্মা। প্ৰসিৎ ৰয়ে পৰিচালনা কৰা চিনেমাখন ভাৰতীয়
মহিলা ক্ৰিকেটাৰ তথা ফাষ্ট বলাৰ ঝুলন গোস্বামীৰ বায়’পিক।
চিনেমাখনত অনুষ্কাই ঝুলনৰ ভূমিকাত
অৱতীৰ্ণ হৈছে। লণ্ডনকে ধৰি কেইবাটাও স্থানত ইয়াৰ দৃশ্যগ্ৰহণ হৈছে। ইতিমধ্যে চিনেমাখনৰ
বাবে অনুষ্কাই লোৱা নতুন ৰূপে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে।
Leave A Comment