Entertainment
Digital Desk: A normal human being can turn into a 'hero' overnight by his or her empathy, compassion for others, and selflessness at any point in time. Such an example was set by an auto driver recently in a city
ডিজিটেল ডেস্কঃ আনন্দত উতলা হৈ পৰিছে অনুষ্কা।
এফালে স্বামী বিৰাটৰ দুৰ্দান্ত পাৰফৰমেঞ্চ, আনফালে
উৎসৱৰ বতৰ। আনন্দ উতলা হৈ কলিকতাত আয়োজন কৰিলে দিৱালীৰ পাৰ্টি।
সোমবাৰে মাজৰাতি কলিকতাৰ এখনি পঞ্চতাৰকা হোটেলত
বলিউডৰ অভিনেত্ৰীগৰাকীয়ে জোৰদাৰ দিৱালী পাৰ্টিৰ আয়োজন কৰে। সেউজ ৰঙৰ মনোমোহা শাড়ি
পৰিধান কৰি পৰম্পৰা অনুযায়ী অতিথিক আপ্যায়ন কৰে অভিনেত্ৰীগৰাকীয়ে।
উল্লেখ্য যে সম্প্ৰতি অনুষ্কা কলিকতাত আছে। ভাৰতীয়
মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ বায়’পিকৰ
শ্বুটিং চলি আছে কলিকতাত। সোমবাৰে দিৱালী বাবে শ্বুটিং নাছিল। সেয়ে পাৰ্টিৰ আয়োজন
কৰে অনুষ্কাই।
নানা ধৰণৰ সুস্বাদু ব্যঞ্জন-পানীয় ভৰি আছিল
পাৰ্টিটোত। কেইবাজনো বেংগলী চেলিব্ৰেটি তাত উপস্থিত আছিল। কিন্তু নাছিল সৌৰভ
গাংগুলী।
নিজৰ গৃহ চহৰতে এনেদৰে উপেক্ষিত হ’ল টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা
বিচিচিআইৰ প্ৰাক্তন সভাপতিগৰাকী।আনকি নিমন্ত্ৰিতসকলৰ মাজতো তেওঁৰ নাম নাছিল।
কিয় গাংগুলীক এইদৰে বাদ দিয়া হ’ল, সেই লৈ
এতিয়া বিৰাট চৰ্চা চলিছে। অনুমান কৰামতে, সৌৰভ
গাংগুলী বিচিচিআইৰ সভাপতি হৈ থকাৰ সময়ত বিৰাট কোহলীৰ স’তে সংঘাত হোৱা বুলি চৰ্চা চলিছিল।
গাংগুলীৰ দিনতে কোহলীয়ে টীম ইণ্ডিয়াৰ অধিনায়কত্ব এৰিব লগা হয়।
গাংগুলী-কোহলীৰ এই সংঘাতৰ ফলশ্ৰুতিতে অনুষ্কাই
এনেদৰে তেওঁক উপেক্ষা কৰে বুলি ভবা হৈছে। শেহতীয়াকৈ কোহলী পুনৰ ফৰ্মলৈ ঘূৰি আহিছে, আনহাতে গাংগুলীয়ে বিচিচিআইৰ সভাপতিত্ব
এৰিব লগা হৈছে। তেনে পৰিস্থিতিত অনুষ্কাই গাংগুলীক নিমন্ত্ৰণ নকৰাত একো
অস্বাভাৱিকতা নাই বুলি ক্ৰিকেটানুৰাগীসকলে ক’ব
বিচাৰে।
Leave A Comment