• স্পেইনৰ ফুটবল খেলপথাৰত পৰিৱেশিত হ’ল অৰিজিত সিঙৰ গীত! গঢ়িলে নতুন অভিলেখ!

    মনোৰঞ্জন
    স্পেইনৰ ফুটবল খেলপথাৰত পৰিৱেশিত হ’ল অৰিজিত সিঙৰ গীত! গঢ়িলে নতুন অভিলেখ!
    ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় গায়ক অৰিজিৎ সিং কেৰিয়াৰৰ শিখৰত উপনীত হৈছে। দেশ জোৰা অৰিজিতৰ খ্যাতি সুৰৰ জৰিয়তে বিয়পি পৰিছে। ইটোৰ পিছত সিটোকৈ অৰিজিতৰ কনচাৰ্টবোৰত টিকট বিক্ৰী হৈ শেষ হৈ যোৱাটো এক স্বাভাৱিক পৰিঘটনা।

    অৰিজিতৰ অনুষ্ঠান চাবলৈ টিকট নোপোৱাত বহু অনুৰাগী বহুবাৰ হতাশ হৈছে।কিন্তু এইবাৰ কণ্ঠশিল্পীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক নজিৰ গঢ়ি তুলিলে। অৰিজিত সিঙে ইতিমধ্যে  বহিঃৰাষ্ট্ৰৰ বহু অনুষ্ঠানত কণ্ঠদান কৰিছে। এইবাৰ অৰিজিতৰ গীত ফুটবল খেলপথাৰতো বাজি উঠিল।

    স্পেইনৰ অন্যতম জনপ্ৰিয় ফুটবল ষ্টেডিয়াম "কেম্প নৌ"। সেই ফুটবল খেলপথাৰতে অনুষ্ঠিত হৈছিল অৰিজিত সিঙৰ হিন্দী গীত ‘বৈৰীয়া’। ৰিয়েল মাদ্রিদ আৰু বার্চিলোনাৰ মাজত অনুষ্ঠিত হোৱা ‘এল ক্লাছিক’ খেলৰ সময়ত ডিজিটেল ব’র্ডত দেখা গ’ল ‘বৈৰিয়া’৷ এইবাৰ ফুটবল খেলপথাৰৰ ডিজিটেল বৰ্ডত স্থান পালে বলীউডৰ এটা গীত। 

    দুসপ্তাহমান আগতে অমিতাভ ভট্টাচাৰ্যৰ ৰচনা আৰু গোল্ডি সোহেলৰ সুৰেৰে এই গীতটি ইউটিউব আৰু একাধিক ষ্ট্ৰীমিং প্লেটফৰ্মত মুক্তি পাইছিল।মুক্তিৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে ‘বৈৰীয়া’ নামৰ গীতটি। ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত এই গীতটোৱে ফুটবল খেলপথাৰতো স্থান দখল কৰিছে। এই অনন্য প্ৰাপ্তিত অৰিজিত সিং যথেষ্ট সুখী। 

    অৰিজিত সিঙে কয় যে,"মোৰ ‘বাইৰিয়া’ গীতটোৱে বাৰ্চিলোনাৰ ঘৰুৱা খেলপথাৰ কেম্প ন’লৈত স্থান লাভ কৰাত মই সুখী।এই গীতটিৰ জৰিয়তে মানুহক সুখী কৰিবলৈ সক্ষম হোৱাত মই আনন্দিত।'' আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গীতটিৰ সফলতাক লৈ 'বৈৰিয়া'ৰ সংগীত পৰিচালক গোল্ডি সোহাইলেও উৎফুল্লিত হৈ পৰিছে। গোল্ডিয়ে কয় যে, "যিসকলে এই গীতটো নিৰ্মাণত অৰিহণা যোগাইছে, যিসকলে এই গীতটোৰ সৈতে অন্তৰংগভাৱে জড়িত - সকলোৱে গীতটোৰ এই সফলতাত সুখী। ই এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ইয়াতকৈ ভাল একো হ’ব নোৱাৰে।”