ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰৰ(Arjun Kapoor)এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত অভিনেতাগৰাকীক অতি ক্ষুব্ধ ৰূপত দেখা গৈছে। বৰ্তমান অৰ্জুন কাপুৰ তেওঁৰ আগন্তুক ছবি ‘এক ভিলেইন ৰিটাৰ্ণছ’ৰ প্ৰচাৰত অতি ব্যস্ত হৈ আছে। এনে অৱস্থাত গভীৰ নিশা মুম্বাইত দেখা পোৱা গৈছিল অভিনেতাগৰাকীক।
অৰ্জুন কাপুৰক দেখা পাই পাপাৰাজী আৰু অনুৰাগীসকলে তেওঁক স্পট কৰি কেমেৰাত ক্লিক কৰিবলৈ একত্ৰিত হয়। হঠাতে ভিৰ জমা হোৱাত অৰ্জুনে পৰিস্থিতি চম্ভালিবলৈ ব্যস্ত হৈ পৰে। অৰ্জুন কাপুৰক পৰিস্থিতি চম্ভালি থকা দেখা গ’ল কাৰণ এই পথটো অতি ব্যস্ত আছিল, মানুহবোৰে ভিৰ কৰি দিয়াত দুৰ্ঘটনাৰ আশংকাই দেখা দিছিল। ভিডিঅ’টোত আপুনি দেখিব যে অৰ্জুন কাপুৰে অনুৰাগীসকলৰ লগতে পাপাৰাজীক চম্ভালি থকাৰ সময়তে কৈছে যে ‘‘কৰিব আপোনালোকে আৰু বদনাম হয় আমাৰ।’’ দৰাচলতে যদি কোনো চেলিব্ৰিটিৰ সান্নিধ্যৰ বাবে ভিৰ গোট খায় আৰু অনিয়ন্ত্ৰিত ভিৰৰ মাজত দুৰ্ঘটনা সংঘটিত হয়, তেন্তে মানুহে সেই দোষ মানুহৰ বুলি নকয়...কয় চেলিব্ৰিটিৰ দোষ বুলি।
ইয়াৰ বাবেই অৰ্জুন কাপুৰে সকলোখিনি অতি সুন্দৰভাৱে পৰিচালনা কৰিছিল আৰু লগতে তেওঁৰ অনুৰাগীসকলৰ সৈতে ফটো উঠিছিল। অৰ্জুন কাপুৰৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে আৰু তেওঁৰ মেজাজৰ প্ৰতি অনুৰাগীসকল অতি আকৰ্ষিত হৈ পৰিছে। অৰ্জুনৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে বৰ্তমান অৰ্জুনে তেওঁৰ আগন্তুক ছবি এক ভিলেন ৰিটাৰ্ণছৰ প্ৰচাৰত ব্যস্ত হৈ আছে। অৰ্জুন কাপুৰৰ সৈতে এই ছবিখনত অভিনয় কৰিছে জন আব্ৰাহাম, তাৰা সুতাৰিয়া আৰু দিশা পাটানীয়ে।
Leave A Comment