comScore
  • ‘ছ’ৰী গাৰ্লছ, মোৰ পত্নী বৰ কঠোৰ’! চালকে অটোত লগালে সতৰ্কবাণী; মহিলাসকলে ক'লে-স্বামী এনেকুৱাই হ'ব লাগে

    মনোৰঞ্জন
    ‘ছ’ৰী গাৰ্লছ, মোৰ পত্নী বৰ কঠোৰ’! চালকে অটোত লগালে সতৰ্কবাণী; মহিলাসকলে ক'লে-স্বামী এনেকুৱাই হ'ব লাগে
    ডিজিটেল ডেস্ক: ৰাস্তাৰে ক’ৰবালৈ যাওঁতে চাগে মন কৰিছে যে অটোৰিক্সাৰ আঁৰত এনে বহু কথা লিখা থাকে, যাৰ বাবে হাঁহি উঠিব। কিছুমানে ধেমেলীয়া সুৰত কিবা এটা লিখে, আনহাতে বহুতে কঠোৰ বাক্য লিখি জনপ্ৰিয় হৈ পৰে। এই ভাইৰেল ছবিখনতো একেধৰণৰ কিবা এটা দেখা গ’ল। শেহতীয়াকৈ এজন অটোৰিক্সা চালকে মহিলাৰ বাবে পোষ্ট কৰা "বিশেষ" জাননীৰ বাবে যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছে, যিখন জাননী ছ'চিয়েল মিডিয়াত বনজুইৰ দৰে বৰ্তমান বিয়পি পৰিছে।

    শেহতীয়াকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী বংশিকা গাৰ্গে এখন অটোৰিক্সাৰ ছবি পোষ্ট কৰিছিল, যাৰ পিছফালে লিখা আছিল, “ছ’ৰী গাৰ্লছ, মোৰ পত্নী বৰ কঠোৰ।” জাননীখনৰ শেষত মহিলাৰ ষ্টীকাৰত নিষেধাজ্ঞাৰ ফলক দেখা গৈছিল। এই বাৰ্তাটো পঢ়াৰ পাছত বহুতে নিজৰ হাঁহি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। পোষ্টটো দেখাৰ পিছত বহু ব্যৱহাৰকাৰীয়ে লিখিছিল ধেমেলীয়া মন্তব্য। আনকি কোনো কোনোৱে লাইভ ফটো তুলি চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ কৰিছে।


    পোষ্টটো দেখাৰ পাছত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "বিভিন্ন ঠাইত বহু বাহনত একেটা লাইন দেখা যায়।" আন এগৰাকী মহিলাই ক'লে, "এই ধৰণৰ আনুগত্য মই মোৰ স্বামীৰ পৰা আশা কৰোঁ।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে,  দিল্লীৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "দিল্লীৰ শ শ ঠাইত এনে পোষ্টাৰ দেখা যায়।" 

    বৰ্তমান সময়ত অটো চালকজনে লিখা এই বাৰ্তা ভাইৰেল হৈ আছে। বেছিভাগ ব্যৱহাৰকাৰীয়ে ধেমেলীয়া মন্তব্য কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে অটো চালকজনে হয়তো গাড়ীত এই বাৰ্তা লিখি তেওঁ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আছে।