comScore
  • জনপ্ৰিয় গীত "বড় লোকেৰ বেটি লো লম্বা লম্বা চুল" ৰ স্ৰষ্টা ৰতন কাহাৰলৈ পদ্মশ্ৰী,কেতিয়াও অভাৱে লগ নেৰা এজন শিল্পী কাহাৰ

    মনোৰঞ্জন
    জনপ্ৰিয় গীত "বড় লোকেৰ বেটি লো লম্বা লম্বা চুল" ৰ স্ৰষ্টা ৰতন কাহাৰলৈ  পদ্মশ্ৰী,কেতিয়াও  অভাৱে লগ নেৰা এজন শিল্পী কাহাৰ
    ডিজিটেল ডেস্কঃ এটি বিখ্যাত জনপ্ৰিয় গীত "বড় লোকেৰ বেটি লো লম্বা লম্বা চুল"।   এই গানটোৰ আঁৰত কোন আছে? বংগৰ  শিল্পী স্বপ্না চক্ৰৱৰ্তীৰ কণ্ঠত জনপ্ৰিয় হৈ পৰা এই গীতটোৰ স্ৰষ্টাক অৱশ্যে খুব কম মানুহেহে জানে।  এই জনপ্ৰিয় গাতটিৰ স্ৰষ্টা বীৰভূমৰ ৰতন কাহাৰ নামৰ লোকশিল্পীগৰাকী। অতি সাধাৰণ জীৱন-যাপন কৰা ৰতন কাহাৰ এগৰাকী তেনেই দুখীয়া লোক।

     এই গীতটোৰ হাজাৰ হাজাৰ ৰিমেক বা ৰিমিক্স হ’লেও গীতটিৰ  সৃষ্টিকৰ্তাক কোনেও যেন  মনত ৰখা নাই।  অৱশেষত ৰতন কাহাৰক স্বীকৃতি দিয়া হ'ল। তেওঁক পদ্মশ্ৰী সন্মান  প্ৰদান কৰা হৈছে।শিল্পী ৰতন কাহাৰ বীৰভূমৰ ছুৰিৰ বাসিন্দা। তেওঁৰ প্ৰথম গীতটো  ১৯৭২ চনত ৰেডিঅ'ত ৰেকৰ্ড কৰা হৈছিল।  ৰতন কাহাৰে এতিয়ালৈকে প্ৰায় ২৫০ টা গান লিখিছে। তেওঁৰ প্ৰায় সকলো বোৰ গানেই  জনপ্ৰিয় হৈ পৰিছে। কিন্তু ৰতন কাহাৰে লিখা আটাইতকৈ জনপ্ৰিয় গানবোৰৰ ভিতৰত  "বড় লোকেৰ বেটি লো লম্বা লম্বা চুল"-গানটিয়েই অন্যতম।।

     এসময়ত এইগৰাকী শিল্পীয়ে চাউলমুঠি যোগাৰ কৰিবলৈ বিড়ি বান্ধা কাম কৰিছিল। তেনেদৰেই তেওঁ তেওঁৰ  পৰিয়ালটো চলাইছিল। এতিয়া দুই- চাৰিটা অনুষ্ঠানলৈ তেওঁক মাতে, বিনিময়ত সামান্য মাননি পায়। লগতে তেওঁ সামান্য পৰিমাণত চৰকাৰী ভাট্টাও পায়। এনে এজন ব্যক্তিয়ে সৃষ্টি কৰা গীতটোত  অভিনেত্ৰী জেকলিনে নাচিছিল। সেই সময়ত এই বুলি বিতৰ্কটো হৈছিল  যে বাদশ্বাহ আৰু চনি মিউজিক ইণ্ডিয়াই চুপাৰহিট গানটোৰ পৰা লাভৱান হৈছিল, কিন্তু সৃষ্টিকৰ্তাৰ নাম ভুলতো ক’তো উল্লেখ কৰা নাছিল।  অৱশ্যে গায়ক বাদশ্বাহে এই বিতৰ্কৰ বাবে ক্ষমা বিচাৰিছিল। আৰু ৰতন কাহাৰক লগ ধৰিছিল।  তেওঁক আৰ্থিক সহায়ো কৰিছিল।  

    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam online