comScore
  • 'এনেকুৱা ছৱিত অভিনয় নকৰিবি!’’- 'এনিমেল’ৰ বাবে মাকৰ গালি খালে ববী দেউলে, কিয়?

    মনোৰঞ্জন
    'এনেকুৱা ছৱিত অভিনয় নকৰিবি!’’- 'এনিমেল’ৰ বাবে মাকৰ গালি খালে ববী দেউলে, কিয়?
    ডিজিটেল ডেস্কঃ সন্দীপ ৰেড্ডী বংগাৰ পৰিচালনাত নিৰ্মিত ‘এনিমেল’ ছবিখন ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। মুক্তিৰ প্ৰথম দিনাই কেৱল ভাৰতীয় বক্স অফিচত ৬১ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে। মুক্তিৰ তিনিদিন পিছত ২০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰে ‘এনিমেল’। পাঁচ দিনৰ অন্তত ‘এনিমেল’ই সংগ্ৰহ কৰিছে প্ৰায় ৩০০ কোটি টকা।

    ছবিখনত মুখ্য চৰিত্ৰত ৰণবীৰ কাপুৰৰ অভিনয় প্ৰশংসিত হোৱাৰ লগতে খলনায়ক চৰিত্ৰতো প্ৰশংসিত হৈছে ববি দেউল। কিন্তু ববিৰ মাক আৰু ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নী প্ৰকাশ কৌৰ পুত্ৰৰ এই কামত সুখী নহয়। বৰং ছবিখন চাই পুত্ৰক ধমকিহে দিছিল।

    শেহতীয়া এক সাক্ষাৎকাৰত ববিয়ে কয় যে ছবিখনত তেওঁৰ চৰিত্ৰৰ এটা বিশেষ দৃশ্য মাক প্ৰকাশে ভাল নাপালে। ববিয়ে কয় - ''মায়ে মোৰ মৃত্যু হোৱাটো চাব পৰা নাছিল। কিন্তু মাই ছবিখন দেখি বৰ ভাল পাইছিল।"

    কিন্তু ববীৰ পিতৃ বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু ভাতৃ ছানী দেউলে এতিয়ালৈকে তেওঁৰ ছবিখন চোৱা নাই। ববিৰ ভাষাত ক'বলৈ গ'লে "দেউতা আৰু দাদাৰ বাহিৰে মোৰ পৰিয়ালৰ সকলোৱে 'এনিমেল' দেখিছে, আৰু মোৰ কাম দেখি সকলোৱে বৰ সুখী। মই বিশ্বাস কৰিছিলোঁ যে মই এজন ভাল অভিনেতা। কিন্তু ‘এনিমেল’ৰ পিছত তেওঁলোক অধিক সুখী। মোৰ পত্নী আৰু সন্তান সুখী! মোৰ বাবে তেওঁলোকৰ চকুত থকা গৌৰৱ দেখি মই অধিক সুখী হৈছিলো।''
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online