comScore
  • বাহ্ ইম্মান ফুৰ্তি! নতুন সদস্যৰ আগমনক লৈ উচ্ছসিত ৰণবীৰ ক’লে, ‘এজন ভাল পিতৃ হ’ব বিচাৰো’

    মনোৰঞ্জন
    বাহ্ ইম্মান ফুৰ্তি! নতুন সদস্যৰ আগমনক লৈ উচ্ছসিত ৰণবীৰ ক’লে, ‘এজন ভাল পিতৃ হ’ব বিচাৰো’
    ডিজিটেল ডেস্কঃ অৱশেষত দুয়োৰে সাক্ষাত্‍। দেওবাৰে পুৱা মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে আলিয়া ভাটে। ইমান দিনৰ কামৰ মানসিক চাপৰ পিছত বিনিদ্ৰ, ক্লান্ত শৰীৰ। আনহাতে, স্বামী ৰণবীৰ কাপুৰৰ দুচকুত নাই টোপনি! নিজ পত্নীক এৰি টোপনি আহে কেনেকৈ। নোকোৱাকৈয়ে পত্নীক বিমানবন্দৰৰ পৰা নিবলৈ আহিছিল ৰণবীৰে। গাড়ীত থকা স্বামীক দেখি আপ্লুত হৈ পৰা আলিয়াই জপিয়াই পৰে ৰণবীৰৰ কোলাত! দুয়ো যেন এটা কথাৰেই দিছে ইংগিত- এতিয়া আৰু কাম নহয়, কেৱল জিৰণি আৰু নতুন অতিথিৰ প্ৰতীক্ষা।

    মুম্বাইৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই মুহূৰ্তত আলিয়াই আৰু কোনো ছবিত চুক্তি স্বাক্ষৰ কৰা নাই। অৱশ্যে, আলিয়াৰ মাতৃ হোৱাৰ বিষয়টোৰ লগতে তেওঁৰ সপোনবোৰ চুৰমাৰ হৈ নপৰাটোৱে মনে-প্ৰাণে আশা কৰে ৰণবীৰে। ভাৰসাম্য ৰক্ষা কৰি জীৱনটো চলাই নিব পাৰি বুলি একপ্ৰকাৰ নিশ্চিত ৰণবীৰ।

    ঋষি কাপুৰৰ একমাত্ৰ পুত্ৰৰ কণ্ঠত আত্মবিশ্বাসৰ আভাস পোৱা গৈছে। কয়, ‘আগৰ প্ৰজন্মৰ শিশুৰ সকলৰ দায়িক ত্ব মাতৃৰ ওপৰতে আছিল। পিতৃসকল আছিল কৰ্মত ব্যস্ত। পিছে , এতিয়া সময় সলনি হৈছে। মই এজন ভাল পিতৃ হ’ব বিচাৰো। সন্তানৰ কাষত থাকি মই মোৰ সন্তানক সংগ দিব খোজো। অভিভাৱক হিচাপে আমি দায়িত্ব ভাগ কৰিবলৈ সাজু।’ ইয়াৰ জৰিয়তে আলিয়াইয়ো সামান্য সকাহ পাব বুলি ৰণবীৰৰ বিশ্বাস।

    উল্লেখ্য যে, বিগত এপ্ৰিল মাহত ‘ৰণলিয়া’ বিবাহ পাশত আৱদ্ধ হৈছিল।  অতি কম সময়ৰ ভিতৰতে ধুমুহাৰ গতিৰে নতুন জীৱন আগবাঢ়িছে দুয়োৰে। বিবাহৰ পিছত দুখন চহৰত তিনিমাহ একেলগে সময় অতিবাহিত কৰিছে। শেহতীয়াকৈ দুয়োৰে পৰিয়াললৈ নতুন সদস্যৰ আগমনৰ বাতৰি শ্বেয়াৰ কৰিছে।