ডিজিটেল ডেস্কঃ পৰিৱেশকেন্দ্ৰীক কথাবোৰক লৈ বেচ সচেতন ছুপাৰষ্টাৰ ছলমান খান। প্ৰতিজোপা গছে প্ৰতিজন মানুহক প্ৰয়োজনীয় অক্সিজেন যোগান ধৰে, গতিকে প্ৰতিজোপা গছ ৰক্ষা কৰাটো সকলোৰে দায়িত্ব বুলি তেওঁ সদৰী কৰিছে। শেহতীয়াকৈ, হায়দৰাবাদত ছলমানে তেওঁৰ পৰৱৰ্তী ছবিৰ শ্বুটিংৰ কামত ব্যস্ত হৈ থকা দেখা গৈছে। ইয়াৰ মাজতে পৰিৱেশ সম্পৰ্কীয় এক বিশেষ অনুষ্ঠানত যোগদান কৰে ছলমান খানে। গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ ৫.০। এই উপলক্ষে ছলমান খানৰ লগতে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ তথা গ্ৰীণ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক জে সন্তোষ কুমাৰ।
অভিনেতাগৰাকীৰ লগতে ছবিখনৰ আন কলা-কুশলী সকলো উপস্থিত থকা দেখা যায়। এই ছবিৰ আন কলা-কুশলীসকলৰ সৈতে ৰামোজী ফিল্ম চিটিত নিজ হাতে গছপুলি ৰোপণ কৰে ছলমান খানে। তেওঁ কয়, ‘বৃক্ষৰোপণ কাৰ্যসূচীৰ দায়িত্ব প্ৰতিজন ব্যক্তিয়ে ল’ব লাগে আৰু গছবোৰ ডাঙৰ নোহোৱালৈকে পুলিবোৰৰ পৰ্যাপ্ত যত্ন ল’ব লাগে। দুৰ্ভাগ্যজনকভাৱে প্ৰাকৃতিক দুৰ্যোগ, প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ ফলত মানুহৰ অপৰিসীম ক্ষতি হয়। মানুহৰ ক্ষতি ৰোধ কৰাৰ একমাত্ৰ সমাধান হ’ল বৃহৎ পৰিসৰত গছপুলি ৰোপণ কৰা।’
বৃক্ষৰোপণ কাৰ্যসূচীৰ দৰে এনে মহত কাম হাতত লোৱাৰ বাবে টি আৰ এছৰ সাংসদ সন্তোষে প্ৰশংসা কৰে বলীউড ভাইজানক।
মন কৰিবলগীয়া যে, সন্তোষ কুমাৰে ছলমানক গ্ৰীণ ইণ্ডিয়া চেলেঞ্জত যোগদান কৰিবলৈ অনুৰোধ জনাইছিল। অনুৰোধ ৰক্ষা কৰাৰ বাবে বলীউড তাৰকাগৰাকীক ধন্যবাদ জ্ঞাপন কৰে সন্তোষ কুমাৰে। বলীউডৰ তাৰকাগৰাকীৰ গছপুলি ৰোপণৰ পদক্ষেপে নিশ্চিতভাৱে তেওঁৰ লক্ষ লক্ষ অনুৰাগীক অনুপ্ৰাণিত কৰিব বুলিও সদৰী কৰে সাংসদগৰাকীয়ে।
Leave A Comment