comScore
  • মাতৃ হ’ল সোণম কাপুৰ, নিজৰ মাতৃত্ব সুখ শ্বেয়াৰ কৰিলে ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে

    মনোৰঞ্জন
    মাতৃ হ’ল সোণম কাপুৰ, নিজৰ মাতৃত্ব সুখ শ্বেয়াৰ কৰিলে ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে

    ডিজিটেল ডেস্ক : অৱশেষত বলিউডৰ
    অভিনেত্ৰী সোণম কাপুৰৰ জীৱনত সেই মুহূৰ্তটো আহিল, যাৰ বাবে তেওঁ বহুমাহ অপেক্ষাৰত আছিল।
    অনিল কাপুৰৰ ঘৰত আজি নিশ্চয়কৈ উৎসৱমুখৰ পৰিৱেশ, কাৰণ সোণম কাপুৰ আৰু আনন্দ আহুজাৰ
    ঘৰলৈ আহিল নতুন অতিথি



     হয়, আপুনি ঠিকেই পঢ়িছে, বলীউডৰ
    জনপ্ৰিয় অভিনেত্ৰী সোণম কাপুৰ মাতৃ হ’ল। এটি পুত্ৰ সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে।
    অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল আগ্ৰহেৰে অপেক্ষা কৰি আছিল এই দিনটোৰ বাবে। স্পষ্টভাৱে
    এই খবৰটো পাই আহুজা পৰিয়াল আৰু কাপুৰ পৰিয়াল অতি সুখী। কোৱা হৈছে যে মাতৃ-পুত্ৰ বৰ্তমান
    দুয়োজনেই সুস্থ।

    বলীউডৰ অভিনেত্ৰী তথা আলিয়া ভাটৰ
    শাহুৱেক নীতু কাপুৰে এই খবৰটো নিশ্চিত কৰি সোণম-আনন্দক অভিনন্দন জনাইছে। নীতু কাপুৰে
    তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন লাভকাৰ্ড শ্বেয়াৰ কৰিছে, য’ত লিখা আছে, ২০ আগষ্টৰ দিনটো
    আমাৰ বাবে অতি সুখৰ কাৰণ এজন নতুন অতিথি আদৰণি জনাইছো। এই যাত্ৰাত সহায় কৰা সকলো চিকিৎসক,
    নাৰ্ছ, বন্ধু-বান্ধৱী আৰু পৰিয়ালবৰ্গলৈ অশেষ ধন্যবাদ।’



     উল্লেখ্য যে সোণম আৰু আনন্দৰ বিবাহৰ
    ৫ বছৰ সম্পূৰ্ণ হ’ল। ২০১৮ চনত দুয়োৱে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ ৫ বছৰ পাছত মাতৃ
    হ’ল জনপ্ৰিয় অভিনেত্ৰীগৰাকী। ২১ মাৰ্চত সোণমে আনন্দ আহুজাৰ সৈতে মাতৃ হ’বলৈ গৈ আছে
    বুলি ফটো শ্বেয়াৰ কৰি সকলোৰে মাজত এই ভাল খবৰটো শ্বেয়াৰ কৰিছিল।



     সোণম কাপুৰে গোটেই গৰ্ভাৱস্থাটো
    কিছুমান বিশেষ বিশেষ মুহূৰ্ত সোণম কাপুৰে ফটোশ্বুট কৰি শ্বেয়াৰো কৰিলে। পৰিয়ালৰ সৈতে
    বিদেশলৈ গৈছিল আৰু ছ’চিয়েল মিডিয়াত অহৰহ সক্ৰিয় আছিল। সোণমৰ বেবী শ্বাৱাৰটোও বৰ
    ধুমধামেৰে কৰা হৈছিল, যাৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।