ডিজিটেল ডেস্কঃ প্ৰায় এসপ্তাহ পূৰ্বে দেশৰ সুপৰিচিত কমেডিয়ান তথা অভিনেতা ৰাজু শ্ৰীবাস্তৱে জিমত ৱৰ্কআউট কৰি থাকোঁতে হঠাতে ঢলি পৰিছিল আৰু তেতিয়াৰ পৰা চিকিৎসালয়ৰ ভেন্টিলেটৰত থাকি জীৱন-মৃত্যুৰ সৈতে তেওঁ যুঁজি আছে। ৰাজুৰ অৱস্থা এতিয়া অতি সংকটজনক। ৰাজুৱে চিকিৎসাৰ প্ৰতি সঁহাৰি নিদিয়াৰ বাবেই চিকিৎসকে কৈছে যে এতিয়া কেৱল ভগৱানেহে তেওঁক বচাব পাৰিব।
শেহতীয়াকৈ ৰাজুৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে য'ত কমেডিয়ান গৰাকীয়ে মৃত্যুৰ কথা কৈছে। শেহতীয়া তথ্য অনুসৰি ৰাজু শ্ৰীবাস্তৱৰ ব্ৰেইন ডেড হৈ পৰিছে আৰু তেওঁ চিকিৎসাৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। লাইফ চাপৰ্টত নিজৰ জীৱনৰ বাবে যুঁজি থকা ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা অত্যন্ত জটিল আৰু এতিয়া তেওঁৰ জীৱন ৰক্ষা পৰিলে সেয়া কেৱল মিৰাকল হ'ব বুলি জনাইছে চিকিৎসকে। তেওঁৰ পত্নী, বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকে অনুৰাগীসকলক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে।
ৰাজু শ্ৰীবাস্তৱৰ প্ৰায় ২৭ দিনৰ পুৰণি এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত তেওঁ মৃত্যুৰ কথা কৈছে। এইটো এটা কমেডী ভিডিঅ' য'ত ৰাজুৱে তেওঁৰ জনপ্ৰিয় চৰিত্ৰ 'গজোধৰ ভাইয়া’ৰ কণ্ঠেৰে কথা কৈছে।
ভিডিঅ'টোত ৰাজুৱে কয় ''আমাৰ মৃত্যুৰ সময়ত যমৰাজে ম’হৰ ওপৰত বহি আমাক নিবলৈ আহে। জীৱনত সকলোৱে এনেকুৱা কাম কৰিব লাগে যেতিয়াই যমৰাজে নিবলৈ আহে তেতিয়াই যাতে কয় তুমি ম’হৰ ওপৰত বহা। জীৱনটো এনেকুৱা হ’ব লাগে যে যমৰাজে নিজেই খোজ কাঢ়ি তোমাক ম’হৰ ওপৰত উঠিবলৈ কয়। যমৰাজে যাতে কয় ‘তুমি এজন ভাল আৰু চৰিত্ৰৱান মানুহ, তুমি খোজ কাঢ়ি গ'লে ভাল নালাগিব! গতিকে ময়ে খোজ কাঢ়ি যাম, তুমি ম'হৰ ওপৰত বহি লোৱা।''
জীৱন তথা মৃত্যুৰ সন্দৰ্ভত ৰাজু শ্ৰীবাস্তৱে এনেদৰে কোৱা কথাটো এতিয়া ছ’চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে।
ৰাজু শ্ৰীবাস্তৱ যাতে সোনকালে সুস্থ হৈ পুনৰ আমাৰ মাজলৈ ঘূৰি আহে তাৰবাবে প্ৰাৰ্থনা জনাইছে ইণ্ডাষ্ট্ৰীৰ সকলো অভিনেতা-অভিনেত্ৰী পৰা আৰম্ভ কৰি তেওঁৰ অনুৰাগীসকলে।
Leave A Comment