comScore
  • শৰীৰৰ অতিৰিক্ত চৰ্বি আঁতৰাবলৈ গৈ মৃত্যুমুখত পৰিল ব্ৰাজিলৰ এইগৰাকী জনপ্ৰিয় পপষ্টাৰ

    মনোৰঞ্জন
    শৰীৰৰ অতিৰিক্ত চৰ্বি আঁতৰাবলৈ গৈ মৃত্যুমুখত পৰিল ব্ৰাজিলৰ এইগৰাকী জনপ্ৰিয় পপষ্টাৰ
    ডিজিটেল ডেস্কঃ অস্ত্ৰোপচাৰৰ দ্বাৰা শৰীৰৰ অতিৰিক্ত চৰ্বিৰ পৰা মুক্তি পাব বিচাৰিছিল। তেনে কৰাৰ সময়তে ব্ৰাজিলৰ পপ তাৰকা ডেনি লীৰ মৃত্যু হয়। এক বাতৰি অনুসৰি গায়িকাগৰাকীক পেট আৰু পিঠিৰ পৰা চৰ্বি আঁতৰাবলৈ ব্ৰাজিলৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অস্ত্ৰোপচাৰৰ সময়ত তেওঁৰ কিছু শাৰীৰিক জটিলতা হৈছিল। চিকিৎসকে চেষ্টা কৰিলেও ডেনিৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে।

    নিয়মীয়া ব্যায়াম আৰু খাদ্য খোৱাৰ পিছতো আশানুৰূপ ফলাফল নাপালে বহুতে লিপ’ছাকচন কৰে। বহু নক্ষত্ৰই এই পদ্ধতি গ্ৰহণ কৰি এটা কটাৰী-কেঁচিৰে শৰীৰৰ মানচিত্ৰ সলনি কৰিছে। যদিও বেছিভাগ ক্ষেত্ৰতে সফল হয়, এই ধৰণৰ অস্ত্ৰোপচাৰে বিপদ কঢ়িয়াই আনে।

     ব্ৰাজিলৰ বিভিন্ন সংগীত প্ৰতিযোগিতাৰ সুপৰিচিত মুখ ডেনিৰ এগৰাকী কন্যাও আছে ছাল ছাটেক। ৫ বছৰ বয়সৰ পৰাই সংগীতৰ অনুশীলন আৰম্ভ কৰিছিল। দুমাহমান আগতে তেওঁৰ এটি নতুন গীত মুক্তি পাইছিল। ডেনিৰ মৃত্যুত বিধ্বস্ত হৈ পৰা ডেনিৰ স্বামীয়ে কয়, “এই অস্ত্ৰোপচাৰৰ লগত জড়িত জীৱন সংকটজনক বিপদৰ বিষয়ে মই যদি জানিলোহেঁতেন তেন্তে ডেনিক কেতিয়াও এই অস্ত্ৰোপচাৰ কৰিবলৈ নিদিলোহেঁতেন। পেট আৰু পিঠিৰ পিছত তাই ব্ৰেষ্ট লিপ’ছাকচনো কৰাৰ পৰিকল্পনা কৰিছিল।” এইটো সঁচা যে ডেনিৰ অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে মৃত্যু হয়। অৱশ্যে ডেনিৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam online