ডিজিটেল ডেস্কঃ বিৰাট কোহলী-অনুষ্কাৰ প্ৰেম কাহিনী সকলোৱে জানে। বিৰুষ্কাৰ বিয়াৰ ছবছৰ হৈ গ’ল। কিন্তু আজিও প্ৰেমৰ সাগৰত সাতুৰি-নাদুৰি ফুৰি দম্পতীহালে। এইবেলি অনুষ্কা শৰ্মাই প্ৰথমবাৰৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত খোজ পেলাইছে। অনুষ্কা শৰ্মাই কান চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰিয়েই যেন 'ছিক্সাৰ' কোবাই দিলে।
কান চলচ্চিত্ৰ মহোৎসৱত অনুষ্কাই পৰিধান কৰা সাজ দেখি বহুতেই বিমোহিত হৈ পৰিছিল। ব্যতিক্ৰম নাছিল বিৰাট কোহলীও। পত্নীৰ ৰূপত যেন বিৰাট কোহলী 'বোল্ড আউট' হৈ পৰে। অনুষ্কা শৰ্মাই বগা অফ-শ্বল্ডাৰ গাউন পিন্ধি কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজকাঢ়িছিল। আলিয়া ভাট, পূজা হেগড়ে, বাণী কাপুৰৰ পৰা আৰম্ভ কৰি প্ৰীতি জিণ্টালৈকে সকলোকে অভিনেত্ৰীগৰাকীৰ নৱৰূপে মন্ত্ৰ মুগ্ধ কৰি তোলা পৰিলক্ষিত হয়।
উল্লেখ্য অনুষ্কাই এটা প্ৰসাধন সামগ্ৰীৰ বিজ্ঞাপনৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱলৈ গৈছিল। অনুষ্কা শৰ্মাই কানৰ ৰেড কাৰ্পেটৰ বাবে ৰিচাৰ্ড কুইন ফলৰ পোছাক বাছনি কৰিছিল। অভিনেত্ৰীগৰাকীয়ে অনুষ্ঠানটোৰ শেষত ফটোশ্বুটো কৰিছিল। তেওঁ তেওঁৰ অনুৰাগীসকলৰ বাবে সেই ফটোবোৰ তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল।
অনুষ্কা শৰ্মাই বগা গাউন আৰু কেতিয়াবা গুলপীয়া অফ-কান্ধৰ চেটিন টপ আৰু ক'লা বটম পিন্ধি সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছিল।একাংশ অনুৰাগীয়ে সেই ৰূপত অনুষ্কাক 'স্বৰ্গৰ পৰা নামি অহা পৰী যেন লাগিছে' বুলি মন্তব্য কৰিছে। আনহাতে আন বহুতে তেওঁক 'বিৰাটৰ ৰাণী' বুলিও অভিহিত কৰিছে। উল্লেখ্য চাৰা আলী খান, মৃণাল ঠাকুৰ, মানুষী চিল্লাৰ , হালফিলৰ স্বপ্না চৌধুৰী আৰু উৰ্বশী ৰৌতেলায়ো এই বছৰৰ কান চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰিছিল।
View this post on Instagram
A post shared by AnushkaSharma1588 (@anushkasharma)
Leave A Comment