ডিজিটেল ডেস্কঃ কৰ’নাসৃষ্ট পৰিৱেশৰ সময়ত বিপৰ্যস্ত হৈ পৰিছিল জনজীৱন। লকডাউনৰ সেই সময়ছোৱাত জীৱনৰ কঠোৰ সত্যৰ সন্মুখীন হ’বলগীয়া হৈছিল বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তই। প্ৰতিবেদনত কৰ্কট ৰোগৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছিল কৰ’নাকালীন সময়তে।
ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, সঞ্জয়ৰ ভগ্নী প্ৰিয়াই তেওঁৰ ভায়েকক এই খবৰটো দিছিল। কৰ্কট ৰোগৰ বিষয়ে শুনি অভিনেতাজনৰ ভৰিৰ তলৰ পৰা মাটি খহি যোৱা যেন অনুভৱ হৈছিল। পৰিয়াল আৰু তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বিষয়ে ভাবি ভাগি পৰিছিল সঞ্জয় দত্ত।
কৰ্কট ৰোগত আক্ৰান্ত হোৱা সেই মুহূৰ্তটোৰ কথা স্মৰণ কৰি অভিনেতাজনে কয়, ‘সেই সময়ত, মই কেৱল ঘন্টাৰ পিছত ঘণ্টা ধৰি কান্দিছিলো। মোৰ অনুপস্থিতিত মোৰ পত্নী আৰু সন্তানৰ কি হ'ব এই চিন্তাই মোক খুলি খুলি খাইছিল।’
পাছে অনিৰুদ্ধে সঞ্জয়ে নিজকে নিজে দিছিল বুজনি। এই যুদ্ধত জয়ী হোৱাৰ মনোবল বান্ধি লৈছিল তেওঁ। লগে লগে আৰম্ভ কৰিছিল চিকিৎসা। অভিনেতাজনক তেওঁৰ চিকিৎসকে কেমোথেৰাপীৰ বহুতো পাৰ্শ্বক্ৰিয়াৰ বিষয়ে অৱগত কৰাৰ পাছতো কিন্তু সঞ্জয়ে সকলো বাধা অতিক্ৰম কৰাৰ মনোবল বান্ধি লৈছিল।
স্মৰ্তব্য যে, ২০২০ চনৰ ৪ আগষ্টত হাওঁফাওঁত কেঞ্চাৰৰ উপস্থিতি ধৰা পৰিছিল সঞ্জয় দত্তৰ। কেইদিনমানৰ পিছতে সঞ্জয় দত্তই ছ'চিয়েল মিডিয়াত লিখিছিল, ‘বিগত কেইসপ্তাহমান মোৰ আৰু মোৰ পৰিয়ালৰ বাবে অত্যন্ত কঠিন সময় আছিল। কিন্তু কথাতে আছে নহয়, ঈশ্বৰে সদায়ে শক্তিশালী সেনাকে কঠিন যুঁজৰ সন্মুখীন হ’বলৈ প্ৰেৰিত কৰে। মই সেই যুদ্ধত জয়ী হ’লোঁ। ’
Leave A Comment