ডিজিটেল ডেস্কঃভাৰতৰ বাহিৰতো এতিয়া বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন জনপ্ৰিয়৷ সফলতাৰ লগে লগে দীপিকাৰ মাননিও কিমান বৃদ্ধি পাইছে৷ দীপিকা পাডুকনে যদি কেতিয়াবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ মুখ উজ্জ্বল কৰিছে কেতিয়াবা আকৌ তেওঁ বিদেশী ব্ৰেণ্ডৰ প্ৰচাৰক হৈছে, তেওঁক বিশ্বকাপৰ মঞ্চতো দেখা গৈছে।
দীপিকা অস্কাৰৰ অন্যতম বঁটা বিতৰক হিচাবেও মনোনীত হৈছে। এক কথাত ক'বলৈ গ'লে দীপিকা এই মুহূৰ্তত এগৰাকী আন্তৰ্জাতিক তাৰকা। এইবাৰ তেওঁ তেলেগু চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। তেওঁৰ বিপৰীতে অভিনয় কৰিব প্ৰভাসৰ দৰে এগৰাকী তাৰকাই। দীপিকাই ইতিমধ্যে ছবি খনৰ শ্বুটিং আৰম্ভ কৰিছে। ছবিখনৰ নাম হৈছে 'প্ৰজেক্ট কে'। দীপিকাই এই ছবিখনৰ বাবে কিমান টকা লাভ কৰিছে শুনি আচৰিত হ'ব পাৰে আপুনি।
জানিব পৰা মতে দীপিকাক তেওঁৰ প্ৰথম তেলেগু ছবি খনৰ বাবে ১০ কোটিতকৈও অধিক টকা দিয়া হৈছে। প্ৰজেক্ট কে' এখন বিজ্ঞান কল্পকাহিনীৰ চলচ্চিত্ৰ। খবৰ অনুসৰি নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত ছবি খনৰ চিত্ৰনাট্য ভাৰতীয় মহাকাব্য মহাভাৰত আৰু তৃতীয় বিশ্বযুদ্ধৰ আধাৰত প্ৰস্তুত কৰা হৈছে। অমিতাভ বচ্চনক ছবিখনত অশ্বত্থামাৰ দৰে চৰিত্ৰত দেখা যাব। প্ৰভাসে কৰ্ণৰ চৰিত্ৰত অভিনয় কৰিব। অৱশ্যে, ছবিখনৰ নিৰ্মাতাসকলে এতিয়ালৈকে দীপিকাৰ চৰিত্ৰ সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই।
Leave A Comment