ডিজিটেল ডেস্কঃ যান-বাহন আইন ভংগ কৰিছে নেকি? তেন্তে সাৱধান! ট্ৰেফিক ছিগনেলত থিয় হৈ এইবাৰ আপোনাক সকীয়নি দিব বলীউড অভিনেত্ৰী কৰীণা কাপুৰ খানে। দেশৰ ৰাজধানী নতুন দিল্লীত এই দায়িেত্ব পালন কৰিব কৰীণাই। ৰাজধানীৰ ৰাজপথত ট্ৰেফিক ছিগনেলত ‘পু’ ৰূপে দেখা দিব বেবো। ছিগনেল অমান্য কৰি গাড়ী আগবাঢ়িনলেই নিজস্ব ভংগীমাৰে বাধা দিব কৰীণাই।
পথযাত্ৰী সকলে যাতে যান-বাহন আইন মানি চলে তাৰ বাবে প্ৰচেষ্টাত ক্ৰুটি ৰখা নাই দিল্লী আৰক্ষীয়ে। কিন্তু একো লাভ নহ’ল। গতিকে, এইবাৰ এক নতুন পন্থা গ্ৰহণ কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে এটা মিম ক্লিপ। য’ত দেখিবলৈ পোৱা গৈছে যে, ৰঙা সংকেত দিয়াৰ পাছতো গৈ আছে এখন গাড়ী। ঠিক তেতিয়াই কৰীণাই ‘কভী খুশী কভী গম’ৰ ‘পু’ হৈ ৰঙা সংকেতত ধৰা দিছে কৰীণাই। কৰীণাই কৈছে, 'কৌন হায় য়ে জিছনে পু কো দুবাৰা মূৰ কৰ নেহী দেখা।’ ভিডিঅ’টোৰ কেপচন দিয়া হৈছে, ‘এই যান-বাহন আইন উলংঘাকাৰীজন কোন? ‘পু’ৱে মনোযোগ বিচাৰিছে, গতিকে ট্ৰেফিক লাইট অনুসৰণ কৰক।’
কেৱল সেয়াই নহয়, শেহতীয়াকৈ নাছাই তৰাৰে ভৰা মহাকাশৰ এখন ছবি প্ৰকাশ কৰিছে। দিল্লী আৰক্ষীয়ে এই ছবিখনো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। কেপচনত লিখিছে, ‘আকাশৰ নক্ষত্ৰ যদি চাব নিবিচাৰে তেনেহ’লে ছিটবেল্ট পৰিধান কৰক।’
Leave A Comment