ডিজিটেল ডেস্কঃ অভিনেতা ধৰ্মেন্দ্ৰ নাতি তথা ছানি দেউলৰ পুত্ৰ কৰণ দেউলৰ বিয়া মহা ধুম-ধামেৰে আয়োজন কৰা হ’ল। কিন্তু সকলোকে আচৰিত কৰি সেই বিয়াত উপস্থিত নাথাকিল ছানি দেউলৰ সতীয়া মাতৃ হেমা মালিনী। কেৱল হেমৈা মালিনীয়েই নহয়, হেমাৰ নিজৰ কন্যাদ্বয় ঈশা-আহানাও সেই বিয়াত উপস্থিত নাথাকিল। ১৬ জুনত কৰণ দেউল আৰু দ্ৰিশা আচাৰ্য বিবাহপাশত আৱদ্ধ হৈছে। ১৮ জুনত আছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। কিন্তু কোনো এটা অনুষ্ঠানতে দেখা নগ’ল হেমা মালিনী আৰু তেওঁৰ দুই কন্যাক।
সেই বিয়ালৈ আমন্ত্ৰণ জনোৱা স্বত্বেও হেমা মালিনী আৰু ঈশা-আহানা অনুপস্থিত থাকিল।
কৰণ দেউলৰ বিয়াৰ খবৰে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছিল। মেহেন্দিৰ পৰা বিয়ালৈ, দেউল পৰিয়ালৰ বহুতো ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰিছে।বিয়া খনত ধৰ্মেন্দ্ৰৰ গোটেই পৰিয়ালটোৱে যথেষ্ট আনন্দ কৰিছে। কিন্তু সকলো ক্ষেত্ৰতে হেমা মালিনী অনুপস্থিত।
উল্লেখ্য ধৰ্মেন্দ্ৰই দ্বিতীয়বাৰৰ বাবে হেমা মালিনীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। এনে পৰিস্থিতিত,ধৰ্মেন্দ্ৰৰ প্ৰথমা পত্নী প্ৰকাশ কৌৰৰ সৈতে হেমাই আৰম্ভনিৰে পৰাই দূৰত্ব বজাই ৰাখিছে। অৱশ্যে, কোনেও ভবা নাছিল যে এই দূৰত্ব ৪২ বছৰৰ পাছতো শেষ নহ'ব।ধৰ্মেন্দ্ৰই ১৯৮০ চনত হেমা মালিনীক বিয়া কৰাইছিল। বিবাহৰ পিছৰে পৰা, হেমাই ধৰ্মেন্দ্ৰৰ প্ৰথমা পত্নী প্ৰকাশ কৌৰ আৰু তেওঁলোকৰ সন্তানৰ পৰা এক সন্মানজনক দূৰত্ব বজাই ৰাখিছে। প্ৰকাশ কৌৰেও এই দূৰত্ব বজাই ৰাখিছিল। প্ৰকাশ কৌৰেও ঈশা আৰু আহানাৰ বিয়ালৈ যোৱা নাছিল।
Leave A Comment