ডিজিটেল ডেস্কঃ সকাহ লাভ কৰিলে একতা কাপুৰ আৰু তেওঁৰ মাতৃ শোভা কাপুৰে! এক্সএক্সএক্স (XXX) নামৰ এখন ৱেব চিৰিজক কেন্দ্ৰ কৰি শেহতীয়াকৈ বিতৰ্কত সাঙোৰ খাই পৰিছিল দুয়ো।
ৱেব চিৰিজখনত প্ৰদৰ্শন কৰা কিছু আপত্তিজনক দৃশ্যৰ বাবে দুয়োৰে ওপৰত গ্ৰেপ্তাৰী পৰোৱানা লগোৱা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০০ আৰু ৫০৪ ধাৰাৰ অধীনত অভিযোগ দিছিল শম্ভু কুমাৰ নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াই।
অভিযোগ অনুসৰি, ৱেব চিৰিজখনে দেশৰ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ ভাৱাবেগত আঘাট হানিছে। ৱেব চিৰিজখনত সৈনিকসকলক কিছু আপত্তিজনক দৃশ্যত প্ৰদৰ্শন কৰা হৈছিল বুলি অভিযোগ কৰা হৈছিল। তাৰপাছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একতা।
অৱশেষত পাটনা উচ্চ ন্যায়ালয়ে তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগসমূহ উঠাই লয়। বিহাৰৰ পাটনাস্থিত বেগুচৰাই আদালতত এই সম্পৰ্কত হোৱা ৰায়প্ৰদানকালত আদালতে তেওঁলোকৰ সপক্ষে ৰায় প্ৰদান কৰে। আদালতত দুয়োগৰাকী চিত্ৰনিৰ্মাতা উপস্থিত থাকে।
পাটনা উচ্চ ন্যায়ালয়ে নিশ্চিতি প্ৰদান কৰে যে একতা আৰু শোভাই কোনো আইনী জটিলতাৰ মাজত সোমাই পৰিব লগা নহ’ব। তাৰ পৰিৱৰ্তে গোচৰীয়াপক্ষকহে এখনি জাননি জাৰি কৰা হয়।
উল্লেখ্য যে কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়েও একতা কাপুৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছিল। এখন বিচাৰপীঠে কৈছিল যে একতা কাপুৰৰ ৱেব চিৰিজসমূহে দেশৰ যুৱ প্ৰজন্মৰ মাজত বিকৃত মানসিকতা সৃষ্টি কৰিছে।
Leave A Comment