• 'মই মোৰ পুত্ৰক চিনেমা উদ্যোগৰ পৰা আঁতৰাই ৰাখিম': ক’লে ইমৰান হাছমীয়ে

    মনোৰঞ্জন
    'মই মোৰ পুত্ৰক  চিনেমা উদ্যোগৰ পৰা আঁতৰাই ৰাখিম': ক’লে  ইমৰান হাছমীয়ে
    ডিজিটেল ডেস্কঃ বলীউডত বহু অভিনেতা -অভিনেত্ৰীৰ সন্তানে পিছলৈ চিনেমাৰ সৈতেই জড়িত হৈ পৰিছে৷ কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম হ’ব বিচাৰিছে অভিনেতা ইমৰান হাছমীয়ে৷  

    নিজে  এজন জনপ্ৰিয় অভিনেতা হোৱা সত্বেও  ইমৰানে তেওঁৰ পুত্ৰক অভিনয়ৰ জগতলৈ  অহাটো নিবিচাৰে। এক শেহতীয়া সাক্ষাৎকাৰত ইমৰানে কয়, "মোৰ পুত্ৰ আয়ানৰ জীৱনত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া আছে। তেওঁ যিধৰণে কৰ্কট ৰোগ জয় কৰিছিল সেয়া এতিয়াও মোৰ বাবে সপোন। গতিকে মই বিচাৰো যে মোৰ সন্তানে এটা স্থিৰ জীৱিকা বাছনি কৰক। অভিনয় জগত খন বহুত কঠিন। "

    অভিনেতা ইমৰান হাছমীয়ে ২০০৬ চনত পাৰবীন শ্বাহিনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০১০ চনৰ ফেব্ৰুৱাৰী মাহত বিবাহৰ চাৰি বছৰৰ পিছত তেওঁলোকৰ প্ৰথম সন্তান আয়ান তেওঁলোকৰ  মাজলৈ আহে। সকলো ঠিকেই চলি আছিল।২০১৪ চনৰ ১৫  জানুৱাৰীত  ইমৰান আৰু পাৰবীনৰ জীৱনৰ আটাইতকৈ কঠিন দিন আৰম্ভ হৈছিল৷  আয়ান কৰ্কট ৰোগত আক্ৰান্ত বুলি ধৰা পৰিছিল। কিন্তু এতিয়া আয়ান প্ৰায় সুস্থ হৈ উঠিছে৷

    ৰাজ মেহতা পৰিচালিত, 'ছেলফি'ত ইমৰানে শেহতীয়াকৈ অভিনয় কৰিছে৷ ছবি খনৰ মুখ্য চৰিত্ৰত আছিল আমিৰ খান৷ ছবিখনে বক্স অফিচত বেছি ব্যৱসায় কৰিব পৰা নাই। অৱশ্যে, অক্ষয়-ইমৰান যুটিক দৰ্শকে  প্ৰশংসা কৰিছে৷