Entertainment
Digital Desk: A normal human being can turn into a 'hero' overnight by his or her empathy, compassion for others, and selflessness at any point in time. Such an example was set by an auto driver recently in a city
ডিজিটেল ডেস্ক : মানুহ অভ্যাসৰ
দাস। কোৱা হয় যে সৰুৰে পৰা যি অভ্যাস শিকে, তাৰেই প্ৰতিফলন গোটেই জীৱনতে থাকি যায়।
কিন্তু ভাল অভ্যাসৰ লগতে বহুতৰে বেয়া অভ্যাসো থাকে। কিন্তু সাধাৰণতে কোনেও নিজৰ বেয়া
অভ্যাসবোৰ বেলেগৰ আগত উদঙাই দিব নিবিচাৰে। আনকি আপোনাৰ প্ৰিয় তাৰকাসকলৰো এনে কিছুমান
অদ্ভুত অভ্যাস আছে, জানিলে আপুনিও আচৰিত হ’ব।
১. সকলো প্ৰজন্মৰ পচন্দ বলীউডৰ
ৰজা শ্বাহৰুখ খানে দিনটোত মাত্ৰ ৪ ঘন্টা শোৱে। তেওঁ নিজেও বহুবাৰ ৰাজহুৱাকৈ এই কথা
সদৰী কৰে। কিন্তু আপুনি জানেনে যে তেওঁ গোটেই দিনটোত মাত্ৰ এবাৰহে জোতা খোলে।
২. সৌন্দৰ্য্যৰ ৰাণী সুস্মিতা সেন
বলীউড জগতৰ এগৰাকী জনপ্ৰিয় নাম। তেওঁ বাথৰুমত গা ধুবলৈ ভাল নাপায়। সেয়ে তেওঁ নিজৰ
ঘৰৰ চাদত এটা ‘বাথটাব’ লগাই লৈছে। তৰাৰে ভৰা নিশা আকাশখনলৈ চাই গোটেই দিনটোৰ ক্লান্তিৰ
দূৰ কৰে।
৩. আমেৰিকাৰ বিখ্যাত অভিনেত্ৰী
তথা পপ গায়িকা, ক্রিষ্টিয়ানা এগুইলেৰা। বাথৰুমৰ চাফাই কৰ্মী এজনৰ মতে, শৌচ কৰাৰ পাছত
শৌচালয়ৰ বিষয়বোৰ একাষৰীয়া কৰে৷ তেওঁ বাথৰুমৰ পৰা পোনে পোনে ওলাই আহি অনুৰাগীৰ সৈতে
হাত মিলাইছিল।
৪. আন এগৰাকী বিখ্যাত অভিনেত্ৰী
পপ গায়িকা জেচিকা চিম্পছনে প্ৰতিদিনে দাঁত ব্ৰাছ কৰি ভাল নাপায়। সপ্তাহত তিনিদিন
দাঁত ব্ৰাছ কৰি বাকী দিনবোৰত এনেই মচি থয়।
৫. বহুতৰে ধূমপান নকৰিলে পেট পৰিষ্কাৰ
নহয় বুলি কোৱা শুনা যায়। কিন্তু পকা অমিতা নোখোৱাকৈ অভিনেতা জীতেন্দ্ৰই শৌচ কৰিব নোৱাৰে।
সেয়ে প্ৰতিদিনে পুৱাই তেওঁ পকা অমিতা লৈ বাথৰুমত প্ৰৱেশ কৰে।
Leave A Comment