ডিজিটেল ডেস্কঃ ফাৰাহ খান। দেশৰ চলচিত্ৰপ্ৰেমীৰ বাবে এটা চিনাকী নাম। বলীউডত পৰিচালক,প্ৰযোজক,আৰু কৰিঅ’গ্ৰাফাৰ হিচাপে পৰিচিত ফাৰাহ খানৰ উন্নতিৰ পথ মুঠেও মসৃণ নাছিল। কাঁইটীয়া বাটেৰে আগুৱাই তেওঁ আজিৰ অৱস্থাত উপনীত হৈছে।
পুৰণি দিনৰ সংঘাতপূৰ্ণ কথাবোৰ ফাৰাহৰ মাজে মাজে মনত পৰে। তেতিয়াই তেওঁ হৈ পৰে আবেগিক। বলীউডৰ কেইবাখনো ছবিৰ পৰিচালক ফাৰাহৰ এটা সময়ত মূৰৰ ওপৰত নিজৰ বুলিবলৈ এখন চালিও নাছিল। সেইবোৰ কথা স্মৰণ কৰিয়েই ফাৰাহ খানে টেলিভিচনৰ ৰিয়েলিটি শ্ব’ত উচুপি উঠে। ।
অনুষ্ঠানটোত তেওঁ কয় যে এটা সময়ত তেওঁলোকৰ থাকিবলৈ ঘৰ নাছিল। ফাৰাহে কয় ’’ চাজিদ, মই আৰু মোৰ মা ছবছৰ ধৰি এখন দোকানৰ এটা ষ্টৰ ৰুমত বাস কৰিছিলো।’’ ফাৰাহ খানৰ এই কথা শুনাৰ পিছতে তাত উপস্থিত থকা সকলোৱে আচৰিত হৈ পৰে। পুৰণি
ফাৰাহ খানে কয় যে বহু কষ্টৰ পিছত তেওঁ আজি এই অৱস্থা পাইছে। সেই দিনবোৰৰ কথাই তেোঁক আজিও আমনি কৰে বুলি তেওঁ কয়।
Leave A Comment