ডিজিটেল ডেস্কঃ এক সুখবৰ। অসমৰ বীৰাংগনা সতী সাধনীৰ ওপৰত নিৰ্মাণ হ'ব এখন ছবি! চুতীয়া উন্নয়ন পৰিষদৰ প্ৰযোজনাত নিৰ্মাণ হব 'বীৰাংগনা সাধনী' শীৰ্ষক ছবিখন৷ কাহিলীপাৰা জ্যোতি চিত্ৰবনত 'বীৰাংগনা সাধনী' চলচ্চিত্ৰৰ শুভ মহুৰত অনুষ্ঠান অনুষ্ঠিত হয়৷ শনিবাৰে অনুষ্ঠিত হোৱা ছবিখনৰ শুভ মহুৰত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ লগত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াও উপস্থিত থাকে৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'বীৰাংগনা সাধনী' ছবিৰ শুভ মহুৰত কৰি সতী সাধনীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সতী সাধনীৰ ৫০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ সময়তে চুতীয়া উন্নয়ন পৰিষদে লোৱা পদক্ষেপক শলাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ''বীৰাংগনা সতী সাধনীৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ গাথাই আমাক প্ৰতিপল জাতীয় চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰি আহিছে। জ্যোতি চিত্ৰবনৰ ফিল্ম ষ্টুডিঅ'ত 'বীৰাংগনা সাধনী' শীৰ্ষক বুৰঞ্জীমূলক চলচ্চিত্ৰৰ শুভ মহুৰত কৰিবলৈ পাই গৌৰৱান্বিত হৈছোঁ।''
এই অনুষ্ঠানতে চুতীয়া উন্নয়ন পৰিষদৰ কামক আন্তৰিক শুভকামনা জনায় মুখ্যমন্ত্ৰী শৰ্মাই৷ ৰাজ্য চৰকাৰৰ বাজেটত চুতীয়া জাতি উন্নয়ন পৰিষদ ১২৫ কোটি টকা আগবঢ়োৱা হৈছিল৷ ইয়াৰে ৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব ছবিখন৷ অহা ২৫ জুনৰ পৰা আৰম্ভ হ'ব ছবিৰ কাম-কাজ৷ চলচ্চিত্ৰ পৰিচালক বিশ্বজিৎ বৰাই এই ছবিখন পৰিচালনা কৰিব৷ এই ছবিৰ জৰিয়তে জাতীয় ইতিহাসৰ এক পৰিচয় দিবলৈ সক্ষম হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷
শুভ মহুৰত অনুষ্ঠানত মৃদুলা বৰুৱা, মলয়া গোস্বামী, প্ৰাঞ্জল শইকীয়া, অৰুণ হাজৰিকা, যতীন বৰা, সীমান্ত শেখৰ, বিদ্যাসাগৰ, দীনেশ দাস, মিনু বনিয়াকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Leave A Comment