comScore
  • এয়া সাহস নে মূৰ্খামি ? বাঘৰ সৈতে চেলফি তোলাত ব্যস্ত একাংশ যুৱক, চাওক ভয়ংকৰ ভিডিঅ'

    মনোৰঞ্জন
    এয়া সাহস নে মূৰ্খামি ? বাঘৰ সৈতে চেলফি তোলাত ব্যস্ত একাংশ যুৱক, চাওক ভয়ংকৰ ভিডিঅ'
    ডিজিটেল ডেস্ক: বনৰীয়া জীৱ-জন্তু দেখি আমাৰ মনলৈ প্ৰথম চিন্তাটো আহে আমাৰ নিজৰ নিৰাপত্তা। সিংহ, চিতা, বাঘৰ দৰে বিপজ্জনক জীৱ-জন্তুবোৰ সন্মুখত দেখিলেই  জীৱন ৰক্ষাৰ বাবে তাৰ পৰা পলাই যোৱাৰ চিন্তাই প্ৰথমে মনলৈ আহে, কিন্তু ভিডিঅ'টোত দেখা কেইজনমান যুৱকে বাঘৰ লগত ফটো উঠিবলৈ আৰম্ভ কৰিলে। সন্মুখত দেখা বাঘটোৰ লগতো চেলফি উঠাৰ চেষ্টা কৰিলে এজন বিশেষ যুৱকে।

    ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে এদল দৰ্শকে এটা বাঘে এটা ৰাস্তা পাৰ হৈ যোৱাৰ ছবি ক্লিক কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। আনকি তেওঁলোকৰ এজনে এই ভয়ংকৰ জন্তুটোৰ সৈতে চেলফি তুলিবলৈ চেষ্টা কৰিছিল, যাক আপুনি মূৰ্খামি অথবা সাহস বুলি ভাবিব পাৰে।

    ভিডিঅ'টো চাওক:

    বাঘৰ ফটো তোলাটো মাৰাত্মক

    এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত।  ভিডিঅ'টো মধ্যপ্ৰদেশৰ পান্না টাইগাৰ ৰিজাৰ্ভৰ। ভাৰতীয় বন সেৱাৰ বিষয়া সুশান্ত নন্দাই (আই এফ এছ) টুইটাৰত প্ৰকাশ কৰা ভিডিঅ’টোৱে ৫৯ হাজাৰতকৈ অধিক দৰ্শক লাভ কৰিছে। ভিডিঅ’টো পোষ্ট কৰাৰ সময়ত বিষয়াজনে এনে অদ্ভুত আচৰণ নকৰিবলৈ সকীয়াই দিয়ে।