ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলৰ প্ৰেম আৰু বিবাহৰ খবৰ শুনি অনুৰাগীসকলৰ মন সুখেৰে ভৰি পৰে। আকৌ তেওঁলোকৰ বিচ্ছেদৰ খবৰেৱেও অনুৰাগীৰ মন বিচলিত কৰি তুলে। কিন্তু কেৱল বিচ্ছেদই নহয়, বলীউডৰ একাংশ তাৰকাই চিৰদিনৰ বাবে হেৰুৱাই নিজৰ সংগীক। যাৰ লগত সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল তেওঁৱেই আধা ৰাস্তাতে এৰি থৈ গৈছিল। বলীউডৰ ৬গৰাকী অভিনেত্ৰীয়ে নিজৰ সংগীক চিৰদিনৰ বাবে হেৰুৱাই দুখত দগ্ধ গৈ পৰিছিল। সেই ৬ গৰাকী অভিনেত্ৰী কোন জানো আহক।
১) শ্বেহনাজ গিলঃ বিগ বছৰ ১৩ নং ছিজনৰ পৰা জনপ্ৰিয়তা লাভ কৰে শ্বেহনাজ গিল আৰু তেওঁৰ প্ৰেমিক সিদ্ধাৰ্থ শুক্লাই। বিগ বছৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম। কিন্তু যোৱা বছৰ সিদ্ধাৰ্থে শ্বেহনাজক হঠাতে অকলে এৰি চিৰদিনৰ বাবে পৃথিৱী এৰি গুচি গৈছিল। সিদ্ধাৰ্থ শুক্লাক হেৰুৱাই শ্বেহনাজ বিধ্বস্ত হৈ পৰিছিল। কিন্তু এতিয়া লাহে লাহে তেওঁ কৰ্মৰ যোগেদি জীৱনৰ ছন্দলৈ ঘূৰি আহিছে। ছলমান খানৰ সৈতে তেওঁৰ প্ৰথমখন বলীউড ছবিও অতি সোনকালে মুক্তি পাব। শ্বেহনাজে এতিয়াও একক জীৱন যাপন কৰি আছে।
২) ৰেখাঃ অমিতাভ বচ্চনৰ লগত ৰেখাৰ প্ৰেমৰ সম্পৰ্ক সফল নহ’ল। পিছলৈ ৯০ দশকৰ শেষৰ ফালে দিল্লীৰ উদ্যোগপতি মুকেশ আগৰৱালাক বিয়া কৰায় ৰেখাই। কিন্তু তেওঁলোকৰ বিবাহ বেছি দিন স্থায়ী নহ’ল। ৰেখাৰ স্বামীয়ে চিপ লৈ আত্মহত্যা কৰে। স্বামীৰ মৃত্যুৰ পিছত ৰেখাই পুনৰ বিয়া নকৰিলে।
৩) কহকাচন পেটেলঃ বলীউডৰ এইগৰাকী অভিনেত্ৰীৰ জীৱনৰ ওপৰত অৱতৰণ কৰিছে অন্ধকাৰ। ব্যৱসায়ী আৰিফ পেটেলৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ দুটা সন্তান আছে। কিন্তু ২০১৮ চনত কাৰ্ডিয়াক এটেকত আক্ৰান্ত হৈ মৃত্যু হয় আৰিফৰ।
৪) বিজয়েতা পণ্ডিতঃ বলীউড আৰু টলীউডৰ এই বিখ্যাত অভিনেত্ৰীগৰাকীয়েও অকালতে হেৰুৱাইছিল স্বামীক। ১৯৯০ চনত বিখ্যাত প্লেবেক গায়ক তথা সুৰকাৰ আদেশ শ্ৰীবাস্তৱৰ সৈতে বিবাহপাশত আবদ্ধ হয় বিজয়েতাই। তেওঁলোকৰ দুই পুত্ৰ সন্তান আছে। ২০১৫ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ আদেশৰ মৃত্যু হৈছিল।
৫) শান্তিপ্ৰিয়াঃ ১৯৯১ চনত অক্ষয় কুমাৰৰ ‘সৌগন্ধ’ ছবিখনেৰে শান্তিপ্ৰিয়াই বলীউডত প্ৰৱেশ কৰিছিল। ১৯৯৯ চনত সিদ্ধাৰ্থ ৰায়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু পাঁচ বছৰৰ পাছত সিদ্ধাৰ্থৰ মৃত্যু হয়। শান্তিপ্ৰিয়া এই ঘটনাত বিধ্বস্ত হৈ পৰিছিল। কিন্তু তাৰ পিছত তেওঁ ঘূৰি আহি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিছিল।
৬) লীনা চন্দাৱৰকাৰঃ বলীউডৰ এইগৰাকী অভিনেত্ৰীয়েও হেৰুৱালে স্বামীক। তেওঁৰ অভিনয় যাত্ৰা আৰম্ভ হৈছিল সুনীল দত্তৰ ‘মন কা মিট’ৰ পৰা। ১৯৭৫ চনত সিদ্ধাৰ্থ বন্দোদকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু বিয়াৰ কিছুদিনৰ ভিতৰতে লীনাৰ স্বামীয়ে নিজকে গুলীয়াই আত্মহত্যা কৰে। তাৰ পিছত ১৯৮০ চনত কিশোৰ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় লীনা। দুৰ্ভাগ্যজনকভাৱে কিশোৰ কুমাৰৰো ৭ বছৰৰ মূৰত মৃত্যু হয়।
Leave A Comment