• নেচনেল ক্ৰাছ ৰশ্মিকা মান্দান্নাৰ যাদুৱে কাম নিদিলে বলীউডত, তৃতীয় দিনা সংগ্ৰহ হ'ল মাত্ৰ...

    মনোৰঞ্জন
    নেচনেল ক্ৰাছ ৰশ্মিকা মান্দান্নাৰ যাদুৱে কাম নিদিলে বলীউডত, তৃতীয় দিনা সংগ্ৰহ হ'ল মাত্ৰ...
    ডিজিটেল ডেস্ক: বলীউডত ভৰি দিলে নেচনেল ক্ৰাছ ৰশ্মিকা মান্দান্নাই।শুকুৰবাৰে ছবিগৃহত মুক্তি পালে তেওঁৰ প্ৰথম ছবি গুডবাই। এই ছবিখনত তেওঁৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছে অমিতাভ বচ্চন আৰু নীনা গুপ্তাক। প্ৰথমখন ছবিতে ৰশ্মিকাই বিগ বিৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল। দক্ষিণৰ ৰশ্মিকাৰ প্ৰতিখন ছবিয়ে বক্স অফিচত ডাঙৰ হিট হয় যদিও বলীউডত যেন তেওঁৰ যাদুৱে কাম কৰা নাই। বক্স অফিচত কোনো বিশেষ ব্যৱসায় কৰিব পৰা নাই গুডবাই‌ ছবিখনে। ছবিখনৰ তৃতীয় দিনৰ সংগ্ৰহ ওলাইছে আৰু উক্ত দিনটোতো গুডবাইৰ কোনো লাভ হোৱা দেখা নগ'ল।
    GoodBye: Amitabh Bachchan, Rashmika Mandanna Starrer Comedy-Drama to Hit  Theatres on Oct 7

    পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰা এখন পাৰিবাৰিক ছবি গুডবাই । এই ছবিখনত ৰশ্মিকা আৰু অমিতাভৰ লগতে নীনা গুপ্তা, পাভেলা গুলাতি, সুনীল গ্ৰ’ভাৰ, এলি আভৰামকে ধৰি বহু অভিনেতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে। কিন্তু দৰ্শকে এই কাহিনীটো বেছি ভাল নাপালে। চিনেমাখনৰ তৃতীয় দিনৰ সংগ্ৰহো একেবাৰে শোচনীয়।

    Goodbye Box Office Day 1 Prediction: Amitabh Bachchan & Rashmika Mandanna  Starrer To Open In 2-3 Crores Range

    এক  প্ৰতিবেদন অনুসৰি গুডবাইৰ তৃতীয় দিনটোত সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ বৃদ্ধি হোৱা নাই। ছবিখনে প্ৰথম দিনটোত ১.২ কোটি, দ্বিতীয় দিনা ১.৫৯ কোটি আৰু তৃতীয় দিনা প্ৰায় ১.৫০ কোটি ব্যৱসায় কৰিছে। অৰ্থাৎ মুঠ সংগ্ৰহ প্ৰায় ৪.২৯ কোটি। কালি ছবিখনৰ সংগ্ৰহ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছিল যদিও সেয়া হোৱা নাই।

    গুডবাইয়ে লাভ কৰিছে ইতিবাচক সমালোচনা, তাৰ পাছতো ছবিখনৰ সংগ্ৰহ বৃদ্ধি হোৱা নাই। ছবিগৃহত গুডবাইৰ লগত  প্ৰতিযোগিতা নামিছে হৃতিক ৰোচন আৰু ছেইফ আলী খানৰ বিক্ৰম বেধা আৰু ঐশ্বৰ্য ৰায়ৰ পৌন্নিয়ন চেলভান ১। হয়তো এই দুখন ছবিৰ বাবেই সংগ্ৰহৰ ক্ষেত্ৰত বহু পৰিমাণে প্ৰভাৱিত হৈছে।
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorslot777judi baccarat onlineagen mix parlaysv388sv388live casino onlinesv388agen casino onlineagen casinosabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsabung ayamsabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeusslot gacor hari inisv388agen roulette onlinesv388judi baccarat onlineslot thailand