• হৰ্ষবৰ্ধন ৰানেৰ 'চনম তেৰী কছম ২' ৰ ঘোষণা ; ৮ বছৰৰ অপেক্ষাৰ অন্তত পুনৰ আহিব এটি বেদনাদায়ক প্ৰেম কাহিনী

    মনোৰঞ্জন
    হৰ্ষবৰ্ধন ৰানেৰ 'চনম তেৰী কছম ২' ৰ ঘোষণা ; ৮ বছৰৰ অপেক্ষাৰ অন্তত পুনৰ আহিব এটি বেদনাদায়ক প্ৰেম কাহিনী
    ডিজিটেল ডেস্ক: চলিত বৰ্ষৰ অক্টোবৰ মাহত পুনৰ ছবিগৃহত মুক্তি পাব ৰোমান্টিক ছবি 'চনম তেৰী কছম’। লগতে এই ছবিখনৰ নিৰ্মাতাসকলেও ছবিখনৰ দ্বিতীয় খণ্ড নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ইয়াৰ দ্বিতীয় খণ্ডত মুখ্য চৰিত্ৰত দেখা যাব অভিনেতা হৰ্ষবৰ্ধন ৰাণেক।

    এই ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে প্ৰযোজকসকলে হৰ্ষবৰ্ধন ৰাণেক নিৰ্বাচন কৰি ছবিখনৰ চিত্ৰনাট্য চূড়ান্ত কৰিছে। অৱশ্যে এই ছবিখন কোনে পৰিচালনা কৰিব সেই তথ্য এতিয়াও ৰাজহুৱা হোৱা নাই।

    ‘চনম তেৰী কছম’ ছবিখনলৈ ঘূৰি অহাটো পুৰণি বন্ধুক পুনৰ লগ পোৱাৰ দৰেই বুলি কৈছে হৰ্ষবৰ্ধনে। সদায় হৃদয়ৰ ওচৰত থকা বন্ধুজন। সংবাদ মাধ্যমত তেওঁ কয়, "যোৱা কেইবছৰমানৰ পৰা এই ছবিখনৰ প্ৰতি দৰ্শকে যি মৰম আৰু আদৰ দেখুৱাইছে সেয়া মোৰ বাবে কল্পনাতীত। এই ছবিখনৰ প্ৰথম খণ্ডৰ বাবে পৰিচালক দলৰ অংশ হ'বলৈ পাই মই সুখী, দীপক মুকুট ছাৰ অতি সোনকালে আহি আছে এটা কাহিনী লৈ, ইয়াৰ ছিকুৱেল আপোনালোক সকলোৰে বাবে হ'ব।"


    ‘চনম তেৰী কছম’ ছবিখনৰ কাহিনীৰ কথা ক’বলৈ গ’লে, এজন খঙাল যুৱকৰ কাহিনী, যিয়ে অতীতত অজ্ঞাতে কৰা কিছুমান অপৰাধৰ অংশ হৈ আহিছে। এই ছবিখনত মূল চৰিত্ৰ ইন্দৰ আৰু এগৰাকী লাইব্ৰেৰিয়ান যুৱতীৰ সৈতে প্ৰেম কাহিনী দেখুওৱা হৈছে। কিন্তু এটা ঘটনাই তেওঁলোকৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি পেলায়।