• 'ইণ্ডিয়ান আইডল-১'ৰ বিজয়ী অভিজিৎ সাৱন্তক মনত আছেনে? এতিয়া তেওঁ কি কৰি আছে?

    মনোৰঞ্জন
    'ইণ্ডিয়ান আইডল-১'ৰ বিজয়ী অভিজিৎ সাৱন্তক মনত আছেনে? এতিয়া তেওঁ কি কৰি আছে?
    ডিজিটেল ডেস্কঃ এসময়ত তেওঁৰ সংগীতৰ যাদুত সমগ্ৰ ভাৰতবৰ্ষ মন্ত্ৰমুগ্ধ হৈ পৰিছিল। কিন্তু শেহতীয়াকৈ তেওঁৰ খবৰ পোৱা নাযায়। সংগীত জগতৰ পৰা হঠাৎ যেন অন্তৰ্ধান হ'ল অভিজিৎ সাৱন্ত। প্ৰথম ইণ্ডিয়ান আইডলৰ বিজয়ী অভিজিৎ সাৱন্ত ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিছিল। 
    Bigg Boss OTT: Was Indian Idol 1 winner Abhijeet Sawant approached for the  show? The singer answers
    অভিজিৎ সাৱন্তক চিনি নোপোৱা মানুহ চাগে কমেই আছে। ২০০৪ চনত তেওঁ ইণ্ডিয়ান আইডলৰ ট্ৰফী লাভ কৰি দৰ্শকৰ হৃদয়ত স্থান দখল কৰিছিল। কিন্তু এতিয়া তেওঁৰ বিষয়ে বহুতে নাজানে। বৰ্তমান এই গায়িকগৰাকীয়ে কি কৰি আছে জানো আহক।

    ২০০৫ চনৰ ৭ এপ্ৰিলত অভিজিতৰ প্ৰথম একক এলবাম 'আপকা অভিজিত সাৱন্ত' মুক্তি পায়। ছবি 'আশ্বিক বানায়া আপনে'ত গীত গাইছিল অভিজিতে। ২০০৭ চনত তেওঁৰ দ্বিতীয়টো এলবাম 'জুনুন' মুক্তি পায়।

    কিন্তু কেৱল 'ইণ্ডিয়ান আইডল'য়ে নহয়, ২০০৮ চনত 'জো জীতা ৱহী ছুপাৰষ্টাৰ'ত অংশগ্ৰহণ কৰিছিল অভিজিত সাৱন্তে। আনকি পত্নী শিল্পাৰ সৈতে ডান্স ৰিয়েলিটি শ্ব’ ‘নাচ বল্লে ৪’তো তেওঁ অংশগ্ৰহণ কৰিছিল।
    abhijeet sawant 3 - Newstrend
    অভিজিতে ২০০৯ চনত বলীউড চিনেমা 'লটাৰী'ৰে অভিনয় জগতত প্ৰৱেশ কৰিছিল। 'তিছ মাৰ খান' ছবিখনতো তেওঁ কেমিঅ’ কৰিছিল। তেওঁক হুছেইন কুবৰৰালাৰ সৈতে 'ইণ্ডিয়ান আইডল ৫'ৰ আয়োজক হিচাপে দেখা গৈছিল।
    Indian Idol विनर Abhijeet Sawant जिम में बहा रहे हैं खूब पसीना, जल्द फैंस  को मिल सकता है बड़ा सरप्राइज
    অভিজিতে এতিয়া কি কৰি আছে? ছ’চিয়েল মিডিয়াত চকু ৰাখিলে দেখিব যে ইনষ্টাগ্ৰামত কণ্ঠশিল্পীগৰাকী অতি সক্ৰিয়। তেওঁ প্ৰায়ে ফটো আৰু ভিডিঅ’ আপলোড কৰে। বৰ্তমান তেওঁ এগৰাকী জিম ফ্ৰিক। প্ৰতিদিনে ঘণ্টাৰ পাছত ঘণ্টা ব্যায়াম কৰে অভিজিতে। ইয়াৰ লগতে ইটোৰ পিছত সিটোকৈ লাইভ শ্ব’ আৰু ইভেণ্টৰ আয়োজন কৰে অভিজিৎ সাৱন্তে।
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorslot777judi baccarat onlineagen mix parlaysv388sv388live casino onlinesv388agen casino onlineagen casinosabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsabung ayamsabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeusslot gacor hari inisv388agen roulette onlinesv388judi baccarat onlineslot thailand