ডিজিটেল ডেস্কঃ এডভাণ্টেজ আছাম ২.০ৰ বাবে গুৱাহাটীত চলিছে যুদ্ধকালীন প্ৰস্তুতি৷ বিশ্বৰ ৩৫ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু উচ্চয়ুক্তসকলে অংশগ্ৰহণ কৰিব এডভাণ্টেজ আছাম ২.০ত৷
বাংলাদেশ, ইটালি, ইউৰোপিয়ান দেশ, কিউৱা, জাপান, কোৰিয়া, ভূটান, মালেছিয়া, ছিংগাপুৰ, থাইলেণ্ড আদি দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চ আয়ুক্তসকলে সন্মিলনত অংশগ্ৰহণ কৰিব । সন্মিলনৰ প্ৰথম দিনা অসমৰ উদ্যোগপতি আৰু বাহিৰৰ উদ্যোগপতিৰ সভা হ'ব ।
সভাত অসমৰ উদ্যোগপতি হৈ বিশ্বৰ বহু ৰাষ্ট্ৰৰ উদ্যোগপতিসকল উপস্থিত থাকিব অসমত৷এডভাণ্টেজ আছাম ২.০ত অংশ ল’বলৈ অসমত উপস্থিত থাকিব ভাৰতৰ ধনাঢ্য ব্যক্তিসকল৷উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানী, অনিল আগৰৱালা, সজ্জন জিণ্ডাল আদিয়ে অংশগ্ৰহণ কৰিব এডভাণ্টেজ আছাম ২.০ত৷
২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ঝুমুইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগহণ কৰিবলৈ গুৱাহাটীত উপস্থিত হ’ব৷২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছাম ২.০ ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সংবাদমেলত এই সমূহ তথ্য সদৰি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
Leave A Comment