Lifestyle
ডিজিটেল ডেস্ক: বলীউডৰ
মোহময়ী অভিনেত্ৰী জাহ্নৱী কাপুৰ। হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয়ত ঠাই দখল কৰা
অভিনেত্ৰীগৰাকী আগন্তুক ছবি ‘মিলি’ৰ বাবে এইকেইদিন শিৰোনাম দখল কৰিছে। এই ছবিখনত জাহ্নৱীয়ে
মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ইতিমধ্যে মুক্তি পাইছে ছবিখনৰ ট্ৰেইলাৰও। জাহ্নৱীয়ে ছবিখনৰ
প্ৰচাৰৰ কামো আৰম্ভ কৰিছে।
এই বিশেষ ছবিখনৰ প্ৰচাৰৰ বাবে মুম্বাইৰ এক
অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল জাহ্নৱীয়ে। অনুষ্ঠানটো জাহ্নৱীয়ে সেউজীয়া শ্বিমাৰ শাৰী
পিন্ধি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। হাঁহিমুখে উত্তৰ দিছিল সাংবাদিকৰ প্ৰতিটো
প্ৰশ্নৰ। এগৰাকী সাংবাদিকে জাহ্নৱীযক সুধিলে, জাহ্নৱীয়ে মাতৃ শ্ৰীদেৱীৰ কোনো এখন
ছবিৰ পুনৰ্নিৰ্মাণত কাম কৰিব বিচাৰে নেকি? এই প্ৰশ্নৰ উত্তৰ জাহ্নৱীয়ে
দিলে এনেদৰে, “মই ভাবো তেওঁৰ (মা শ্ৰীদেৱীৰ) কোনো এখন ছবি
কোনেও পুনৰ নিৰ্মাণ কৰা উচিত নহয় কাৰণ তেওঁৰ দৰে কোনেও অভিনয় কৰিব
নোৱাৰিব।"
অনুষ্ঠানত আন এগৰাকী
সাংবাদিকে জাহ্নৱীক সুধিলে, "ভৱিষ্যতে যদি শ্ৰীদেৱীৰ বায়'পিক নিৰ্মাণ কৰা হয়, তেন্তে আপুনি তাত
কাম কৰিব বিচাৰিবনে?" জাহ্নৱীয়ে মূৰটো জোকাৰি হাঁহি এটা মাৰি কয়, "নাই নকৰো। এইটো এটা দীঘলীয়া উত্তৰ হ'ব আৰু মোৰ এতিয়া ভোক লাগিছে।" জাহ্নৱীৰ
এই উত্তৰে অনুষ্ঠানটোত উপস্থিত সকলোকে আমোদ দিলে।
Leave A Comment