• পত্নীৰ মানহানী গোচৰত জয়ী জনী ডেপ; ক’লে, ‘সত্যক কেতিয়াও লুকুৱাই থ’ব নোৱাৰি...’

    মনোৰঞ্জন
    পত্নীৰ মানহানী গোচৰত জয়ী জনী ডেপ; ক’লে, ‘সত্যক কেতিয়াও লুকুৱাই থ’ব নোৱাৰি...’
    ডিজিটেল ডেস্কঃ প্ৰাক্তন পত্নী এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে মানহানিৰ গোচৰত জয়ী হৈছে হলিউড অভিনেতা জনী ডেপ। আদালতৰ জুৰীৰ সিদ্ধান্ত মৰ্মে, জনী ডেপে ১৫ মিলিয়ন আৰু এম্বাৰ হাৰ্ডে দুই মিলিয়ন ডলাৰ ক্ষতিপূৰণ লাভ কৰিব। 

    স্মৰ্তব্য যে, কাকতৰ স্তম্ভ লিখনিত এম্বাৰ হাৰ্ডে তেওঁৰ প্ৰাক্তন স্বামী জনী ডেপৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে জনী ডেপে পৰৱৰ্তী সময়ত মানহানিৰ গোচৰ তৰে। জনী ডেপৰ এনে সিদ্ধান্তৰ বাবে এম্বাৰ হাৰ্ডেও ওলোটাই গোচৰ ৰুজু কৰে।

    মন কৰিবলগীয়া যে, হলীউডৰ এই তাৰকা দম্পতীৰ বিচ্ছেদ হয় ২০১৭ চনত।  কিন্তু এইবাৰৰ মানহানি গোচৰৰ পৰিপ্ৰেক্ষিতত ছয় সপ্তাহজোৰা শুনানিত তেওঁলোকৰ মাজত থকা তিক্ত সম্পৰ্কৰ বিভিন্ন দিশ পোহৰলৈ আহিছে।

    ভাৰ্জিনিয়াৰ আদালতে তাৰকা দম্পতীৰ অশান্ত বিবাহিত জীৱন আৰু ইয়াৰ অসুখী অন্তৰায়ৰ বৰ্ণনা উলিয়াইছে। আদালতৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰিত হোৱা এই গোচৰটোত দৃষ্টি আছিল সমগ্ৰ বিশ্বৰ অগণন লোকৰ। অ’পিনিয়ন সমীক্ষাতো ঘটনাটোৱে বিশেষ গুৰুত্ব পোৱা দেখা গৈছে।

    দুয়োপক্ষৰ পৰা লাভ কৰা শুনানিৰ অন্তত বুধবাৰে আদালতৰ ৰায়, ‘মিছ হাৰ্ডৰ অভিযোগ অসত্য আৰু তেওঁ যি কৰিছে সেয়া কু-অভিপ্ৰায়।’ মিছ হাৰ্ডৰ মানহানীকাৰক মন্তব্যই জনী ডেপক সামাজিক আৰু অৰ্থনৈতিকভাৱে আঘাত দিয়া বুলিও যুক্তি আগবঢ়াইছে জনী ডেপৰ অধিবক্তাসকলে।

    ৱাশ্বিংটন পোষ্টৰ এটা স্তম্ভত জনী ডেপৰ কথা আঙুলিয়াই দি প্ৰাক্তন পত্নীয়ে তেওঁক হিংসাত্মক অভিযোগ উত্থাপন কৰাৰ পিছতে চাকৰি হেৰুৱাইছিল জনী ডেপে। জনী ডেপৰ অধিবক্তাসকলেও তেওঁৰ সামাজিক কলংকৰ বিষয়টো উত্থাপন কৰিছে। কিন্তু এটা গোচৰত জুৰীয়ে ডেপৰ বিৰুদ্ধে মিছ হাৰ্ডক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰে। য’ত ডেপৰ প্ৰাক্তন অধিবক্তাই ব্ৰিটেইনৰ ডেইলী মেইলত এক বিবৃতি দিছিল।

    আদালতৰ ৰায়ৰ প্ৰতি সন্মান জনাই বুধবাৰে এক বিবৃতিত তেওঁ কয় যে, ‘জুৰীয়ে মোক মোৰ জীৱন ঘূৰাই দিছে। মই সঁচাকৈয়ে আপ্লুত হৈ পৰিছো।’ লগতে তেওঁ কয়, ‘সত্যক কেতিয়াও লুকুৱাই থ’ব নোৱাৰি।’

    আনহাতে অভিনেত্ৰী এম্বাৰ হাৰ্ডে এক বিবৃতিত জুৰীৰ এই সিদ্ধান্তক ‘হৃদয় বিদাৰক’ বুলি অভিহিত কৰিছে। তেওঁৰ পক্ষত থকা প্ৰমাণক আওকাণ কৰা বুলি দাবী জনাইছে এম্বাৰ হাৰ্ডে। তেওঁ কয়, ‘মইএই কথা শুনি দুখ পাইছো। কিন্তু মই আৰু অধিক দুখী যে মই এজন আমেৰিকান নাগৰিক হিচাপে মুক্তভাৱে কথা কোৱাৰ অধিকাৰ হেৰুৱাই পেলালোঁ।’