comScore
  • কেৰিয়াৰৰ উচ্চ শিখৰত থাকোতে অজয়ক বিয়া পতাৰ সিদ্ধান্ত লোৱাটো বৰ কঠিন আছিলঃ কাজল

    মনোৰঞ্জন
    কেৰিয়াৰৰ উচ্চ শিখৰত থাকোতে অজয়ক বিয়া পতাৰ সিদ্ধান্ত লোৱাটো বৰ কঠিন আছিলঃ কাজল
    ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কাজলে শেহতীয়াকৈ নিজৰ বিবাহ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে। অতি সোনকালে নেটফ্লিক্সৰ লাষ্ট ষ্ট’ৰীজ ২ আৰু দ্য ট্ৰাইল – প্যাৰ, কানুন, ধোখাত দেখিবলৈ পোৱা কাজলে শেহতীয়াকৈ এক সাক্ষাৎকাৰত নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কয়।

    কাজলে কয় "আচলতে মোৰ জীৱনৰ বহু দৃষ্টান্তই মোক কঠিন সিদ্ধান্ত ল'বলৈ বাধ্য কৰাইছিল। মই কেৰিয়াৰৰ উচ্চ শিখৰত থকা সময়তে অজয় দেৱগণক বিয়া পতাৰ সিদ্ধান্ত লৈছিলো। এই সিদ্ধান্ত লোৱাটো বৰ কঠিন আছিল। চলচ্চিত্ৰ উদ্যোগটো মোৰ বাবে গেম চেঞ্জাৰ আছিল কাৰণ মই নাজানিছিলো যে মই চলচ্চিত্ৰ উদ্যোগত যোগদান কৰিব বিচাৰো নে নাই।"

    কাজলে লগতে কয় যে কেনেকৈ তেওঁৰ পিতৃ আৰু প্ৰযোজক শ্বমু মুখাৰ্জীয়ে অভিনয় জগতত ভৰি থোৱাৰ পূৰ্বে তেওঁক ভালদৰে চিন্তা কৰিবলৈ কৈছিল: “তুমি কেতিয়াও তুমি মুখত লগোৱা ৰংবোৰৰ পৰা মুক্তি নাপাবা। এবাৰ যি লগালা সেয়া চিৰদিনৰ বাবে লগাই থাকিব লাগিব। মই মনতে ভাবিছিলো যে নাই, সেইটো সঁচা নহয়, মোৰ যেতিয়াই মন যায় মই ৰংবোৰ গুচাব পাৰিম । অৱশ্যে সময়ে প্ৰমাণ কৰিছে যে তেওঁৰ কথা সঁচা।”

    ১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহত অজয় দেৱগনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কাজল। অজয়-কাজলৰ দুটা সন্তান আছে। ডাঙৰ কন্যা ন্যাছা আৰু যুগ দেৱগন নামৰ এজন পুত্ৰ আছে তেওঁলোকৰ সংসাৰত।