ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ আজি জন্মদিন। আজি ৩৬ সংখ্যক জন্মদিন উদযাপন কৰিছে কংগনাই। জন্মদিন উপলক্ষে কংগনাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক কপালত ৰঙা ফোঁট, সেউজীয়া ৰেচমৰ শাৰী আৰু ডিঙিত এডাল ডাঙৰ নেকেলেচ ,হাতত খাৰু পৰিধান কৰা দেখা গৈছে। সম্পূৰ্ণ ভাৰতীয় নাৰীৰ ৰূপ ধাৰণ কৰা দেখা গ’ল কংগনাক। তেওঁ সেই সকলো লোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে, যিসকলে তেওঁক ভাল পায় আৰু তেওঁৰ শুভাকাংক্ষী। কংগনা ৰাণাৱটে জন্মদিনত অনুৰাগী আৰু আপোনজনক ধন্যবাদ দিয়াই নহয়, শত্ৰুকো ধন্যবাদ জনাইছে। কংগনাই লগতে খুজিছে ক্ষমাও।
কংগনাই ভিডিঅ’টোত কৈছে, ‘আজি মোৰ জন্মদিন উপলক্ষে মোৰ পিতৃ-মাতৃ, মোৰ পৰিয়াল দেৱী মাতৃ অম্বিকা জী আৰু মোৰ সকলো শিক্ষক, মোৰ সকলো অনুৰাগী, শুভাকাংক্ষী, মোৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীক কৃতজ্ঞতা জনাইছো।
কংগনাই লগতে আৰু কয়, “মই মোৰ শত্ৰুকো ধন্যবাদ জনাইছো, যিসকলে মোক আজিলৈকে কেতিয়াও জিৰণি ল’বলৈ দিয়া নাই। মই যিমানেই সফলতা নাপাওঁ, এই সফলতাক ধৰি ৰাখিবলৈ তেওঁলোকে মোক যুঁজিবলৈ আৰু সংগ্ৰাম কৰিবলৈ শিকায়।”
বন্ধুসকল, মোৰ মতাদৰ্শ অতি সহজ, মোৰ আচৰণ আৰু চিন্তাধাৰাও অতি সহজ। মই সদায় সকলোৰে ভাল হোৱাটো বিচাৰো। যদি মই আপোনালোকক কেতিয়াবা কিবা আঘাত দিছো, তেন্তে তাৰ বাবেও ক্ষমা বিচাৰিছো। মই অনুভৱ কৰোঁ যে শ্ৰী কৃষ্ণৰ কৃপাত মই এটা অতি সৌভাগ্যৱান জীৱন পাইছো। আৰু মোৰ অন্তৰত সকলোৰে প্ৰতি কেৱল মৰম আৰু ভাল চিন্তা আছে, কাৰো প্ৰতি কোনো কু-অভিপ্ৰায় নাই..জয় শ্ৰী কৃষ্ণ”।
Leave A Comment