ডিজিটেল ডেস্কঃৰামভক্ত কংগনা ৰাণাৱট আৰম্ভণিৰে পৰা ৰাম মন্দিৰ কাৰ্যসূচীক লৈ উৎসাহিত হৈ আছিল। অনুষ্ঠানটোৰ কেইদিনমান পূৰ্বেই সেয়ে তেওঁ অযোধ্যাত উপস্থিত হৈছিল।ৰাম মন্দিৰৰ পৰা উভতি আহি সাংবাদিকক কংগনাই কয়, "মই ভগৱান ৰামৰ ভক্ত। ৰামায়ণৰ ভক্ত। ৰামৰ কথাৰ অনুৰাগী। আপুনি কল্পনা কৰিব নোৱাৰে যে মই আজি কিমান সুখী। এয়া হৈছে জনআন্দোলনৰ সফলতা।সমগ্ৰ ভাৰত একত্ৰিত হৈছে, সেয়েহে আমি আজিৰ দিনটো চাবলৈ সক্ষম হৈছো। মই অযোধ্যা ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অতিকৈ সুখী।। "
কংগনাই ৰাম মন্দিৰৰ পৰা উভতি আহিয়েই আন এটা খবৰো দিলে। তেওঁ এতিয়া নিজৰ চিনেমাৰ প্ৰচাৰত মনোনিৱেশ কৰিছে। কংগনা ৰাণাৱটে তেওঁৰ মুক্ত পাবলগীয়া ছবি 'ইমাৰ্জেন্সি' মুক্তিৰ দিনটোৰ কথা অৱশেষত ঘোষণা কৰিছে। কংগনা ৰাণাৱটে ছচিয়েল মিডিয়াত ইন্দিৰা গান্ধীৰ জীৱনকলৈ নিৰ্মিত আহিবলগীয়া ছবি 'ইমাৰ্জেন্সি'ৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছে আৰু ঘোষণা কৰিছে যে তেওঁৰ বহু প্ৰতীক্ষিত ছবিখনে ১৪ জুনত মুক্তি পাব। ছবিখনত কংগনাক ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা যাব।
কেৱল অভিনয়েই নহয়, কংগনাই নিজেই এই ছবিখন পৰিচালনাও কৰিছে।
কংগনাই কয়, "পৰিচালক হিচাপে এয়া মোৰ দ্বিতীয় খন ছবি। মই ইন্দিৰা গান্ধীৰ দৰে ব্যক্তিত্বক চিনেমাৰ পৰ্দালৈ অনাৰ বাবে সকলো ধৰণে সাজু হৈছো। কিন্তু মই ইয়াক ইন্দিৰাৰ জীৱনীমূলক ছবি বুলি নকওঁ। '
কংগনাই লগতে কয়, "দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ইন্দিৰা গান্ধীৰ জীৱনত বহু অজ্ঞাত কথা আছে। এইবোৰ ছবি খনত আলোকপাত কৰা হ'ব’’।
Leave A Comment