comScore
  • "ভাৰতীয়সকলৰ তেওঁলোকৰ নিজৰ ঐতিহ্যৰ বিষয়েই জ্ঞান নাই " খঙৰ ভমকত ক’লে কংগনাই, কিয় খং উঠিল কংগনাৰ?

    মনোৰঞ্জন
    "ভাৰতীয়সকলৰ তেওঁলোকৰ নিজৰ ঐতিহ্যৰ বিষয়েই জ্ঞান নাই " খঙৰ ভমকত ক’লে কংগনাই, কিয় খং উঠিল কংগনাৰ?
    ডিজিটেল ডেস্কঃ  বলীউডৰ ৰাণী কংগনা ৰানাৱট সদায় বিতৰ্কৰ মাজতে থাকে । বহু বিষয়কলৈ  অভিনেত্ৰীগৰাকীয়ে কৰা মন্তব্যই প্ৰায়ে বিতৰ্কৰ সূচনা কৰি আহিছে। শেহতীয়াকৈ কংগনাৰ খুব খং উঠিছে। খঙৰ ভমকতে  কংগনাই নেটিজেনসকলক পোছাকৰ বিষয়ে এটা পাঠ দিব বিচাৰিছে। কংগনাই কৈছে "ভাৰতীয়সকলে নিজৰ ঐতিহ্যৰ বিষয়েই নাজানে। "

     কিন্তু কংগনাৰ এইবাৰ কিয়  খং উঠিল? দৰাচলতে অভিনেত্ৰীগৰাকীয়ে ৰঙীন লেহেঙ্গা পিন্ধি কেইবাখনো ছবি পোষ্ট কৰিছিল।  
     
     
     
     
    View this post on Instagram
     
     
     
     
     
     
     
     
     
     
     

    A post shared by Kangana Ranaut (@kanganaranaut)



    কংগনাই মূৰত পৰিধান কৰা  গহনাকলৈয়েই সৃষ্টি হৈছিল বিতৰ্কৰ।  বহুতে কংগনাই কিয়  মুকুটৰ পিন্ধিছে বুলি প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে।  
     
     
     
     
    View this post on Instagram
     
     
     
     
     
     
     
     
     
     
     

    A post shared by Kangana Ranaut (@kanganaranaut)


     বহুতে কংগনাই পৰিধান কৰা  গহনাক মুকুট বুলি কোৱা বাবেই কংগনাৰ খং উঠিছে। কংগনা ৰাণাৱটে নেটিজেনসকলৰ ভুল সংশোধন কৰি দিয়াৰ উদ্দেশ্য কয়, "এয়া কোনো মুকুট নহয়। মই মোৰ মূৰত যি পিন্ধি আছো সেয়া ভাৰতৰ পৰম্পৰাগত গহনাবোৰৰ ভিতৰৰে  এটা। যি গহনা  হিমাচল আৰু পঞ্জাৱত মহিলাসকলে পিন্ধা দেখা যায়। পঞ্জাৱত এই গহনাক 'চাগি ফুল' বুলি কোৱা হয় আৰু হিমাচলত ইয়াক 'চক' বুলি কোৱা হয়। ভাৰতীয়সকলে তেওঁলোকৰ নিজৰ ঐতিহ্যৰ বিষয়েই নাজানে। এয়া বৰ লাজৰ কথা।''

     কংগনাই তেওঁৰ  ইনষ্টা কাহিনীত এনে গহনাৰ ফটোও প্ৰকাশ কৰিছে।