Entertainment
Digital Desk: A normal human being can turn into a 'hero' overnight by his or her empathy, compassion for others, and selflessness at any point in time. Such an example was set by an auto driver recently in a city
ডিজিটেল ডেস্কঃ এইবাৰ সাংসদ হ’বলৈ মন মেলিছে কংগনা ৰাণাউটে।
শেহতীয়াকৈ ইখনৰ পাছত সিখনকৈ চিনেমাই বক্স অফিচত মাধমাৰ খোৱাৰ পাছত ৰাজনীতিলৈ আহিব
বিচাৰিছে বলিউডৰ বহুবিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে।
নিজেই এই কথা প্ৰকাশ কৰিছে কংগনাই। এটা সংবাদমাধ্যমৰ স’তে
হোৱা কথা-বাৰ্তাত কংগনাই কয় যে বিজেপিয়ে যদি তেওঁক হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ
পৰা টিকট দিয়ে, তেন্তে লোকসভা নিৰ্বাচনত অংশ ল’বলৈ ইচ্ছ্যুক।
উল্লখ্য যে যোৱা কেইবাবছৰ ধৰি কংগনাই বিজেপিৰ হৈ বক্তব্য
আগবঢ়াই আহিছে। নেপোটিজিমৰ পৰা সুশান্ত সিং ৰাজপুতৰ মৃত্যুলৈকে, সকলো বিতৰ্কতে
কংগনাই সৰৱ হৈ আহিছে।
color:#1F1F1F;mso-bidi-language:AS">তদুপৰি কাবিৰোধী আন্দোলন, কৃষক আন্দোলনৰ
বিৰুদ্ধেও মাত মাতি আহিছে কংগনাই।
color:#1F1F1F;mso-bidi-language:AS">প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা
কৰি অহা কংগনাই যোৱা কিছুদিন ধৰি বিজেপিৰ সমৰ্থনত কেতবোৰ আপত্তিজনক মন্তব্যও কৰি
আহিছে। ইয়াৰ বিপৰীতে তেওঁৰ চিনেমাসমূহ চুপাৰফ্লপ হৈ আহিছে। সেইবাবেই ৰাজনীতিলৈ মন
মেলিছে বুলি অনেকে মত প্ৰকাশ কৰিছে।
color:#1F1F1F;mso-bidi-language:AS">উল্লেখ্য যে বৰ্তমান মাণ্ডি লোকসভা সমষ্টিটো
বৰ্তমান কংগ্ৰেছৰ দখলত আছে। সাংসদ হিচাপে আছে জয়পান প্ৰতিভা সিং। সেয়ে কংগ্ৰেছৰ
পৰা সমষ্টিটো বিজেপিৰ হাতলৈ নিয়াৰ মন মেলিছে কংগনাই।
Leave A Comment