comScore
  • ৩৫ বছৰৰ পাছত পুনৰ মিলন বলীউড দম্পতীৰ, পিতৃ-মাতৃৰ সিদ্ধান্তত সুখী কৰীনা-কৰিশ্মা

    মনোৰঞ্জন
    ৩৫ বছৰৰ পাছত পুনৰ মিলন বলীউড দম্পতীৰ, পিতৃ-মাতৃৰ সিদ্ধান্তত সুখী কৰীনা-কৰিশ্মা
    ডিজিটেল ডেস্ক: আজি আমি কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰৰ পিতৃ-মাতৃ ৰণধীৰ কাপুৰ আৰু বাবিতা কাপুৰৰ বিষয়ে ক’বলৈ ওলাইছো। কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰৰ মাতৃ ববিতা এসময়ত বলীউডৰ ডাকচাইটৰ অভিনেত্ৰী আছিল। ববিতা কাপুৰে ছোৱালী দুজনীক অতি সৰুতে কাপুৰ পৰিয়ালৰ পৰা ওলিয়াই আনিছিল। আৰু ছোৱালীদুজনীক লগত এটা সুকীয়া পৰিয়াল গঢ়ি তুলিছিল। যদিও আইনগতভাৱে দুয়োৰে বিবাহ বিচ্ছেদ হোৱা নাছিল, তথাপিও প্ৰায় ৩৫ বছৰ পৃথকে বাস কৰিছিল ৰণধীৰ কাপুৰ। এতিয়া ববিতা আৰু ৰণধীৰৰ বয়স বাঢ়িছে। এই সময়ত ববিতা আৰু ৰণধীৰে পুনৰ ইজনে সিজনৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি লৈছে বুলি খবৰ ওলাইছে।

    ৰণধীৰ কাপুৰ  আৰু বাবিতা কাপুৰে প্ৰথমবাৰৰ বাবে এখন ছবিৰ চেটত লগ পাইছিল, দুয়োয়ে প্ৰেমত পৰাৰ পাছত, ৰণধীৰে পিতৃ ৰাজ কাপুৰৰ বিৰুদ্ধে গৈছিল আৰু বাবিতাক বিয়া কৰাইছিল। কিন্তু ১৭ বছৰ বিবাহৰ পিছত বাবিতাই নিজৰ দুগৰাকী কন্যাৰ সৈতে এটা সুকীয়া ঘৰত থাকিবলৈ আৰম্ভ কৰে।  যাৰ বাবে তেওঁ স্বামীৰ পৰা পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিলে। অৱশ্যে দম্পতীহালে কেতিয়াও বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰা নাছিল।

    সূত্ৰ অনুসৰি ববিতা আৰু ৰণধীৰ ৩৫ বছৰীয়া বিচ্ছেদৰ অন্তত পুনৰ একেলগে আছে। খবৰ অনুসৰি ববিতাই কৰীণা আৰু কৰিশ্মাৰ সৈতে কথা পাতি এই সিদ্ধান্ত গ্ৰহণ কৰে। মাক-দেউতাকক পুনৰ একেলগে পাই কৰিনা আৰু কৰিশ্মা বৰ সুখী।

    জানিব পৰা মতে ববিতা আৰু ৰণধীৰক পুনৰ একত্ৰিত কৰিবলৈ কাপুৰ পৰিয়ালে বিশেষ পাৰ্টিৰ পৰিকল্পনা কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ৰণধীৰ বা ববিতাই কোনোৱেই ৰাজহুৱাভাৱে কোনো কথা কোৱা নাই।