ডিজিটেল ডেস্কঃকৰিশ্মা কাপুৰক সকলো মৃদুভাষী বুলিয়েই জানে৷ সদায় কেমেৰাৰ সন্মুখত নায়িকাৰ দৰে আচৰণ কৰে তেওঁ। বলীউডত বিতৰ্কৰ পৰা আঁতৰি থকা অভিনেত্ৰী বুলি ক’লেই প্ৰথমে আহে কৰিশ্মা কাপুৰৰ নাম৷ কিন্তু হঠাতে কৰিশ্মা কাপুৰৰ সলনি হৈ পৰিছে৷ চিগাৰেট আৰু মদকেই নিজৰ সকলো বুলি জ্ঞান কৰিবলৈ লৈছে কৰিশ্মাই।
কিন্তু কিয় এনে হ’ল অভিনেত্ৰীগৰাকীৰ? দৰাচলতে অভিনেতা আৰু অভিনেত্ৰীসকলে ছবিৰ চৰিত্ৰৰ বাবে বহুত কিবা কিবিয়েই কৰিব লাগে৷ চৰিত্ৰটোত নিজে খাপ খাই পৰিবলৈ সেই চৰিত্ৰৰ ভিতৰলৈ সোমাই যাব লাগে৷ । কৰিশ্মাৰ ক্ষেত্ৰতো তেনেই হৈছে৷ কৰিশ্মাই তেওঁৰ আহিবলগীয়া চিৰিজ 'ব্ৰাউন'ত চিগাৰেট আৰু মদ প্ৰিয় এগৰাকী মাৰীৰ চৰিত্ৰত দেখা যাব। যাৰ বাবে অভিনেত্ৰীগৰাকী প্ৰায় ৪৫ দিন কলকাতাত আছে।চিৰিজটোত কৰিশ্মাক এজন আৰক্ষী বিষয়াৰ চৰিত্ৰতো দেখা যাব।
তেওঁৰ নাম ৰীতা ব্ৰাউন। এই চৰিত্ৰটোৰ বাবে কৰিশ্মাই নিজকে কেইবামাহ ধৰি সাজু কৰিবলগীয়া হৈছে৷ অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰত কয়- এই শৃংখলাটোত তেওঁ নিজকে স্খলিত কৰি পেলাইছে। তেওঁক এনে এটা চৰিত্ৰত দেখা যাব বাস্তৱত যিটো চৰিত্ৰৰ তেওঁ সম্পূৰ্ণ বিপৰীত। অভিনেত্ৰীগৰাকীয়ে ৰীতা ব্ৰাউনৰ চৰিত্ৰত অভিনয় কৰি অতি আনন্দিত বুলিও কয়৷
আবিক বৰুৱাৰ 'চিটি অৱ ডেথ'ৰ আধাৰত নিৰ্মিত এই চিৰিজৰ বহু দৃশ্যগ্ৰহণ কলকাতাত কৰা হৈছে৷ কৰিশ্মাই কয়, "এই শৃংখলাটোৰ বাবে মই দীৰ্ঘদিন ধৰি প্ৰস্তুতি চলাই আছো। কেৱল সেয়াই নহয়, মই প্ৰথমবাৰৰ বাবে শৃংখলাটোত চিগাৰেট হুপিবলৈ শিকিছো। ''
Leave A Comment