Entertainment
Digital Desk: A normal human being can turn into a 'hero' overnight by his or her empathy, compassion for others, and selflessness at any point in time. Such an example was set by an auto driver recently in a city
ডিজিটেল ডেস্কঃ কেটৰিনা
কাইফৰ নতুন নাম- কিট্টু! এই কথা নিজে প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ‘কপিল শৰ্মা শ্ব’ত অংশ লৈ কেটৰিনাই এই কথা জনাইছে।
কিন্তু কোনে দিলে এই
নাম? অভিনেত্ৰীগৰাকীয়ে জনায় যে তেওঁৰ শহুৰৰ ঘৰৰ পৰা এই নাম পাইছে। কেটৰিনাক সাধাৰণতে
‘কেট’ বুলিয়ে সকলোৱে মাতে, কিন্তু শহুৰৰ ঘৰত তেওঁক মতা হৈছে ‘কিট্টু’ নামেৰে।
উল্লেখ্য যে ভিকী
কৌশলৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল কেটৰিনা কাইফ। এটা পাঞ্জাৱী পৰিয়ালত বিবাহ হোৱা
বাবেই কেটৰিনাই ‘কিট্টু’ নাম পাইছে।
বৈবাহিক জীৱনৰ বিষয়ে
কেটৰিনাই জনাই যে তেওঁলোকৰ সংসাৰ সুন্দৰভাৱেই চলি আছে। শহুৰৰ ঘৰৰ পৰাও অনেক আদৰ
লাভ কৰিছে। কেটৰিনাই কয় যে শাহুৱেকে তেওঁক ব্ৰেকফাষ্টত মিঠা আলু সিজাই খোৱাই আহিছে।
আনহাতে, বৈবাহিক জীৱনৰ
সমান্তৰালভাৱে বলিউডৰ কেৰিয়াৰতো ব্যস্ত আছে কেটৰিনা। মুক্তি লাভ কৰিবলৈ উলাইছে
‘ফোন ভূত’।
Leave A Comment