comScore
  • একে একে দুই হ’বলৈ ওলাইছে ললিত-সুস্মিতা; ললিতৰ টুইট, ‘মোৰ অৰ্ধাংগিণী’

    মনোৰঞ্জন
    একে একে দুই হ’বলৈ ওলাইছে ললিত-সুস্মিতা; ললিতৰ টুইট, ‘মোৰ অৰ্ধাংগিণী’
    ডিজিটেল ডেস্কঃ আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীয়ে টুইটাৰত অভিনেত্ৰী সুস্মিতা সেনৰ সৈতে এখন ছবি পোষ্ট কৰি ‘নতুন জীৱন’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। টুইটাৰত তেওঁ লিখিছে, ‘নতুন জীৱন আৰম্ভ হৈছে, চলি আছে ডেটিং।’

    সুস্মিতা সেন বিবাহ পাশত আৱদ্ধ হ’ল নেকি? প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতাৰ সৈতে ললিত মোদীৰ ক্ল’জ আপ ফটো আৰু কেপচন দেখি এনে প্ৰশ্নকে কৰা দেখিবলৈ পোৱা গৈছে নেটিজেনে। সুস্মিতাৰ সৈতে কেইবাখনো ছবিৰে আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি লিখিছে, ‘মোৰ অৰ্ধাংগিণী’। ললিত মোদীৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত লাভ কৰাৰ পাছতে স্তম্ভিত হৈ পৰিছে অনুৰাগী। সকলোৰে মনত এটা প্ৰশ্নৰে অগাদেৱা-অৱশেষত, ললিত মোদীকে জীৱনৰ প্ৰিয় পুৰুষৰ স্থান দিলে নেকি সুস্মিতাই? এই কথাষাৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে ললিত মোদীয়ে বিষয়টো সন্দৰ্ভত মন্তব্য কৰে প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। ললিতে কয়, ‘বিয়া হোৱা নাই। মাত্ৰ এটা নতুন জীৱনৰ আৰম্ভণি কৰিছো।’

    স্বাভা‌ৱিকতে, ললিত মোদীৰ শেহতীয়া পোষ্টত থৰকাছুটী হেৰুৱাইছে নেটিজেনে। অৱশ্যে, দীৰ্ঘদিনীয়া প্ৰেম-প্ৰণয়কে যেন শেষ পৰিণতি দিয়াৰ মন মেলিছে দুয়ো। দুয়োৰে নীৰৱ, নিসংগ নিশাবোৰ জোনাকৰ আলোকমালাৰে উপচি পৰক তাৰেই যেন কামনা শুভাকাংক্ষীৰ...!