ডিজিটেল ডেস্কঃ চলিত বৰ্ষত ভাৰতৰ পৰা অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰা গুজৰাটী ছবি ‘Last Film Show’ৰ শিশু অভিনেতা ৰাহুল কলিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। অভিনেতা ভবীন ৰাবাৰীয়ে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে বন্ধুৰ চৰিত্ৰত দেখা গৈছিল ৰাহুল কলিক। শ্ব’টোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰাহুল তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। দুখৰ বিষয় যে ২ দিনৰ পাছত মুক্তি পাব ৰাহুলৰ ছবিখনে। নিজৰ ছবিখন উপভোগ কৰাৰ পূৰ্বেই সকলোকে কন্দুৱাই গুচি গ’ল ৰাহল কলি। চিনেমাখনৰ নামটোৰ দৰেই সঁচাকৈয়ে ৰাহুলৰ জীৱনৰ বাবে এই চিনেমাখন আছিল-‘Last Film Show’
ৰাহুল কোলিৰ পিতৃয়ে কয় যে, ‘ৰাহুলে পুৱা ভালদৰেই ব্ৰেকফাষ্ট কৰিছিল আৰু তাৰপাছতে তেওঁৰ জ্বৰ উঠিছিল আৰু তেওঁ তিনিবাৰকৈ তেজ বমি কৰিছিল। তাৰপাছতেই মই মোৰ সন্তানক হেৰুৱালো। আমাৰ পৰিয়ালটো ভাঙি গ’ল। চিনেমাখনক লৈ ৰাহুল বৰ আশাবাদী আছিল। ইমান দুখৰ মাজতো তেওঁৰ আনুষ্ঠানিক শেষ ৰীতি-নীতিৰ পিছত ১৪ অক্টোবৰত ছবিগৃহত মুক্তি পাবলগীয়া ৰাহুলৰ ‘লাষ্ট ফিল্ম শ্ব’ আমি নিশ্চয় চাম।
ৰাহুলৰ বয়স আছিল মাত্ৰ ১৫ বছৰ। প্ৰতিটো চলচ্চিত্ৰ মহোৎসৱতে পান নলিনৰ পৰিচালনা আৰু ৰাহুল কলিৰ অভিনয় প্ৰশংসিত হৈছে। ৰাহুল আৰু ভৱিনৰ উপৰিও ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৰিচা মীনা, ভৱেশ শ্ৰীমালী, পৰেশ মেহতা আৰু টিয়া ছাবেচচিয়ানে।
লাষ্ট ফিল্ম শ্ব’ ছবিখনৰ কাহিনীটোত সমায় নামৰ এজন শিশুৱে চিনেমাৰ প্ৰেমত পৰে। চিনেমা হলৰ প্ৰযুক্তিৰ পৰিৱৰ্তনৰ ফলত বহু লোকৰ জীৱিকা হেৰুৱাৰ পৰা আৰম্ভ কৰি একক পৰ্দাৰ থিয়েটাৰ আৰু নেতিবাচক ভূমিকা থকা ছবিৰ পৰা এজন অনুৰাগীৰ মৰমলৈকে ছবিখনৰ কাহিনীয়ে বহু দিশ স্পৰ্শ কৰিছে। ছবিখনৰ কাহিনীটো পৰিচালক পান নলিনে বাস্তৱ জীৱনৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা বুলি জনাইছে।
Leave A Comment