ডিজিটেল ডেস্কঃ বলীউড আৰু টিভি অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ মৃত্যুত মনোৰঞ্জন জগতত শোকৰ জোৱাৰৰ সৃষ্টি হৈছিল।বৈভৱীৰ পৰিয়াল আৰু বন্ধু-বান্ধৱী আৰু আত্মীয়ই এতিয়াও মানি ল’ব পৰা নাই যে বৈভৱী এই পৃথিৱীত নাই। ইফালে বৈভৱীৰ প্ৰেমিক তথা ভাবী স্বামী জয় গান্ধীয়ে ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটো ইমানেই আৱেগিক যে পঢ়াৰ পিছত চকুলো ওলাব পাৰে।
জয়ে লিখিছে, UNTIL WE MEET AGAIN….
Those special memories of you will always bring a smile if only I could have you back for just a little while, then we could sit and talk again just like we used to do.
You always meant so very much and always will do too.
The fact that you are no longer here will always cause me pain, but you are forever in my heart UNTIL WE MEET AGAIN….
R I P my love
জয় গান্ধীয়ে এই পোষ্টটোৰ লগতে বৈভৱী আৰু নিজৰ ফটো এখনো শ্বেয়াৰ কৰিছে, য'ত দুয়োকে খুব সুখী যেন লাগিছে।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জয় আৰু বৈভৱীৰ বাগদান হৈছিল আৰু ডিচেম্বৰ মাহত তেওঁলোকৰ বিবাহ হোৱাৰ কথা আছিল, যাৰ বাবে প্ৰস্তুতি চলি আছিল। বৈভৱীয়ে পাহাৰলৈ গৈ ছুটীৰ দিন কটাবলৈ ভাল পাইছিল, সেয়েহে কিছুদিন আগতে তেওঁ আৰু জয় হিমাচল ভ্ৰমণলৈ গৈছিল। বৈভৱীয়ে এই ভ্ৰমণৰ কিছু ভিডিঅ’ও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। ২৩ মে’ত দুয়োজনে কুল্লুৰ ওচৰত গাড়ী চলাই গৈ থকা অৱস্থাত এখন ট্ৰাকৰ সৈতে সংঘৰ্ষৰ হোৱাত তেওঁলোকৰ গাড়ীখন ৫০ ফুট দ গাঁতত পৰি যায়। এই দুৰ্ঘটনাত বৈভৱীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে জয় সামান্য আঘাতপ্ৰাপ্ত হয়।
Leave A Comment