ডিজিটেল ডেস্কঃ বিশ্ব বিখ্যাত ছবি টাইটানিকৰ দুৰ্দান্ত প্ৰেমিকগৰাকীৰ কথা হয়তো বহুতৰে মনত আছে। টাইটানিক ছবিত জেকৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা লিওনাৰ্ডো ডিকেপ্ৰিঅ'ই এইবাৰ এগৰাকী ভাৰতীয় যুৱতীৰ প্ৰেমত মচগুল হৈ পৰা বুলি বিভিন্ন মহলত আলোচনা হৈছে।
যুৱতীগৰাকী লিওনাৰ্ডো ডিকেপ্ৰিঅ'তকৈ ২০ বছৰে সৰু। দৰাচলতে লিওনাৰ্ডো ডিকেপ্ৰিঅ'ই তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে ৰাজহুৱাভাৱে কথা পাতিবলৈ ভাল নাপায়। অস্কাৰ বিজয়ী অভিনেতাজনৰ প্ৰেম জীৱনক লৈ হোৱা বিতৰ্কৰ কোনো অন্ত নাই। এতিয়া শুনা গৈছে যে 'টাইটানিক'ৰ জেকে তেওঁৰ তুলনাত বিশ বছৰ সৰু এগৰাকী ভাৰতীয় সৌন্দৰ্যৰ প্ৰেমত পৰিছে।
কিন্তু কোন সেই ভাৰতীয় যুৱতী? তেওঁৰ নাম নীলম গিল। পাঞ্জাৱী পৰিয়ালৰ ২৮ বছৰীয়া চুপাৰমডেলগৰাকী এতিয়া ব্ৰিটিছ নাগৰিক। খবৰ অনুসৰি নীলমে ১৪ বছৰ বয়সত মডেলিং আৰম্ভ কৰিছিল। ফেশ্বন জগতত তেওঁৰ ভাল খ্যাতি আছে। হয়তো লিওনাৰ্ডোৰ সৈতে তেনেদৰেই নীলমৰ চিনাকী হৈছিল।নীলমক এই বছৰ কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত দেখা গৈছিল।
লিওনাৰ্ডোও তাত এজন অতিথিৰূপে উপস্থিত আছিল । ৪৮ বছৰীয়া অভিনেতাগৰাকীক নীলম আৰু তেওঁৰ মাতৃৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত ৰেষ্টুৰেণ্টৰ পৰা ওলাই যোৱা দেখা গৈছিল। অৱশ্যে একাংশ সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে নীলম আৰু লিঅ'ৰ ইয়াৰ সৈতে কোনো সম্পৰ্ক নাই। লিঅ'ৰ জীৱনলৈ অহা বেছিভাগ মহিলাই মডেল। ইয়াৰ ভিতৰত আছে ব্ৰাজিলৰ গিছেল, ইজৰাইলৰ বাৰ ৰাফেল, জাৰ্মানীৰ টনি গাৰ্ণাৰ আৰু আমেৰিকাৰ কেমিলা মৰোন। নীলম এই তালিকাত আছে নে নাই সেই বিষয়ে তেওঁৰ অনুৰাগীসকলৰ কৌতূহলৰ অন্ত পৰা নাই।
Leave A Comment