ডিজিটেল ডেস্কঃ ইণ্ডিয়ান আইডলত ৰণবীৰ কাপুৰৰ শহুৰেক মহেশ ভাটে অভিনেতাজনক "বিশ্বৰ শ্ৰেষ্ঠ পিতৃ" বুলি প্ৰশংসা কৰাৰ পিছতে আবেগিক হৈ পৰিছে ৰণবীৰ। ৰণবীৰ কাপুৰে অলপতে তেওঁৰ আহিবলগীয়া ছবি এনিমেলৰ প্ৰচাৰৰ বাবে ইণ্ডিয়ান আইডল চিজন ১৪-ত উপস্থিত আছিল। অনুষ্ঠানত সহ-অভিনেত্ৰী ৰশ্মিকা মান্দন্নাও উপস্থিত আছিল ।
অনুষ্ঠানটোত ৰণবীৰৰ শহুৰেক মহেশ ভাটে অভিনেতাজনৰ বাবে এটা বিশেষ ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰে। বাৰ্তাটোত ৰণবীৰক ভাটে "বিশ্বৰ শ্ৰেষ্ঠ পিতৃ" বুলি প্ৰশংসা কৰে।উল্লেখ্য ৰণবীৰে অভিনেতা আলিয়া ভাটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ ৰাহা নামৰ এটি কন্যা সন্তানো আছে। বিশেষ ভিডিঅ'টোত মহেশ ভাটে কয়, "আলিয়াক মই বিশ্বাস কৰোঁ, ৰণবীৰ আমাৰ দেশৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা।মই বিশ্বাস কৰোঁ যে ৰণবীৰ পৃথিৱীৰ শ্ৰেষ্ঠ পিতৃ।
ভাটে লগতে কয় ' মই গৌৰৱান্বিত যে মোৰ ৰণবীৰৰ দৰে এজন জোৱাই আছে," ৰণবীৰে তেওঁৰ শহুৰেকৰ কথা শুনি আবেগিক হৈ পৰে। তেওঁ কয়, "তেওঁ (মহেশ ভাটে ) মোক কেতিয়াও ব্যক্তিগতভাৱে এনে কথা কোৱা নাছিল। কিন্তু এইবাৰ কৈছে। ইয়াৰ বাবে ইণ্ডিয়ান আইডলক ধন্যবাদ। উল্লেখ্য ৰণবীৰৰ আহিবলগীয়া ছবি এনিমেলে যথেষ্ট চৰ্চা লাভ কৰিছে। ছবিখনে মাত্ৰ এদিন আগতে আৰম্ভ হোৱা আগতীয়া বুকিঙত ৩.৪ কোটি টকা উপাৰ্জন কৰিছে। ১ ডিচেম্বৰত ছবি খনে ছবিগৃহত মুক্তি পাব।
Leave A Comment