comScore
  • চৰিত্ৰৰ দাবী অনুসৰি দেহৰ ওজন এবাৰ বঢ়াই আকৌ কমালে অভিনেতা মনীষ পলে! কেনেদৰে সম্ভৱ হ’ল এয়া?

    মনোৰঞ্জন
    চৰিত্ৰৰ দাবী অনুসৰি দেহৰ ওজন এবাৰ বঢ়াই আকৌ কমালে  অভিনেতা মনীষ পলে!  কেনেদৰে সম্ভৱ হ’ল এয়া?
    ডিজিটেল ডেস্কঃ টিভিৰ প্ৰখ্যাত অভিনেতা মনীষ পলে এতিয়া  অ'টিটিত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ।মনীষ পলে শেহতীয়াকৈ তেওঁৰ এটা চৰিত্ৰৰ বাবে নিজৰ দেহৰেই অবয়ৱ পৰিৱৰ্তন কৰিছে। অভিনেতাগৰাকী বৰ্তমান তেওঁৰ ৱেব শৃংখলা 'ৰাফুচক্কাৰ'ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। শেহতীয়াক, ৰাফুচক্কাৰৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে,  য'ত মনীষ পলক ৫ টা বিভিন্ন চৰিত্ৰত দেখা গৈছে। 

    মনীষ পলে তেওঁৰ প্ৰথম ৱেব শৃংখলা ৰাফুচক্কাৰৰ বাবে নিজৰ দেহৰ এক আচৰিত পৰিৱৰ্তন কৰিছে। প্ৰতিবেদন অনুসৰি মনীষে প্ৰথমে তেওঁৰ চৰিত্ৰটোৰ বাবে প্ৰায় ১০ কিলোগ্ৰাম ওজন বৃদ্ধি কৰিছিল আৰু তাৰ পিছত আন এটা চৰিত্ৰৰ বাবে  ওজন হ্ৰাস কৰিছিল। তেওঁৰ পৰিৱৰ্তনৰ কিছুমান ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যিবোৰ ছবি চাই কথাবোৰ বহুতে যেন বিশ্বাস কৰিবলৈয়েই টান পাইছে।

    অভিনেতাজনে  এজন ফিটমেনৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ বাবে মনীষ পলে কঠোৰ পৰিশ্ৰম কৰিছিল, প্ৰথমে তেওঁ ১০ কিলোগ্ৰাম ওজন বঢ়াইছিল আৰু ইয়াৰ বাবে যথেষ্ট খাইছিল । ইয়াৰ পিছত  তেওঁ আঢ়ৈ মাহত ১৫ কিলোগ্ৰাম ওজন হ্ৰাস কৰে আৰু সম্পূৰ্ণৰূপে ফিট হৈ পৰে।


    মনীষ পলে এটা সাক্ষাৎকাৰত কয় , 'মই সদায় ফিটনেছ ফ্ৰিক হৈ আহিছো। যদিও মই জিমলৈ যাবলৈ ভাল নাপাওঁ, মই মোৰ ফিটনেছকলৈ সদা সচেতন। ইয়াত মই এজন ঠগৰ চৰিত্ৰত অভিনয় কৰিছো আৰু দৰ্শকে মোক পাঁচটা পৃথক অৱতাৰত দেখিব। ইয়াৰ বাবে মই কেতিয়াবা  ওজন ১০  কিলোগ্ৰাম বৃদ্ধি কৰিছিলো আৰু কেতিয়াবা ওজন  হ্ৰাস কৰিছিলো।’’

     'ৰাফুচক্কাৰ'ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানতঅভিনেতগাকীয়ে কয় যে প্ৰতিটো চেহেৰা আয়ত্ত কৰিবলৈ তেওঁ  কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। চাৰি মাহত ওজন বৃদ্ধি আৰু হ্ৰাস কৰিবলৈ এক পৃথক আহাৰ অনুসৰণ কৰিবলগীয়া হৈছিল।