comScore
  • আগ্ৰহৰ কাৰণ হৈ পৰিছে মনোজ বাজপেয়ীৰ জীৱনশৈলী; ১৪ বছৰে ৰাতিৰ আহাৰ গ্ৰহণ নকৰাৰ ৰহস্য কি?

    মনোৰঞ্জন
    আগ্ৰহৰ কাৰণ হৈ পৰিছে মনোজ বাজপেয়ীৰ জীৱনশৈলী; ১৪ বছৰে ৰাতিৰ আহাৰ গ্ৰহণ নকৰাৰ ৰহস্য কি?
    ডিজিটেল ডেস্ক: এটা পৰিশীলিত জীৱনশৈলীৰ অধিকাৰী অভিনেতা মনোজ বাজপেয়ী৷ স্বাস্থ্যক লৈও অতি সচেতন অভিনেতাগৰাকী৷ ১৪ বছৰে নিশাৰ আহাৰ গ্ৰহণ কৰা নাই মনোজ বাজপেয়ীয়ে৷ শেহতীয়া এটা সাক্ষাৎকাৰত, অভিনেতাজনক সোধা হৈছিল যে তেওঁ বিশেষ আহাৰ অনুসৰণ কৰি আছে নেকি? তাৰ উত্তৰত অভিনেতাজনে তেওঁ কিয় ৰাতিৰ আহাৰ ত্যাগ কৰিছে তাৰ কাৰণ প্ৰকাশ কৰিছে আৰু কৈছে যে তেওঁ ব্যায়ামৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়ে।

    তেওঁ কয়, ওজন আৰু ৰোগৰ ক্ষেত্ৰত খাদ্য হৈছে আটাইতকৈ ডাঙৰ শত্ৰু। যেতিয়া আপুনি নিশাৰ আহাৰ খোৱা বন্ধ কৰে, এনে বহুতো ৰোগ আছে যাৰ পৰা আপুনি নিজকে বচাব পাৰিব। মই খাদ্য গ্ৰহণ হ্ৰাস কৰিছিলোঁ কাৰণ মই খাদ্য ভাল পাওঁ। আপোনালোকে জানি আচৰিত হ'ব কিয়? কিয়নো মোৰ ওচৰত থকা দুপৰীয়াৰ আহাৰ, সেয়া ভাল। মোৰ ওচৰত ভাত, ৰুটি আৰু মোৰ প্ৰিয় নিৰামিষ বা আমিষ ব্যঞ্জন আছে।

    মনোজে লগতে কয় যে এই খাদ্যাভাষেই তেওঁৰ পছন্দৰ৷ কিয়নো ই তেওঁৰ ওজন সন্তুলিত কৰি ৰাখে। 

    তেওঁ লগতে কয়, মই যোগ, ধ্যান কৰোঁ। মানসিক স্বাস্থ্যও একেবাৰে গুৰুত্বপূৰ্ণ৷ কৰ্লী টেলছৰ সৈতে আগতে হোৱা বাৰ্তালাপত মনোজে কৈছিল যে তেওঁ ককাকৰ পদাংক অনুসৰণ কৰা আৰম্ভ কৰাৰ পাছৰে পৰা তেওঁ এই জীৱনশৈলীত সোমাই পৰিছিল।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam online