ডিজিটেল ডেস্কঃ দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ বিসৰ্জন দিয়া পঞ্জাৱৰ জনপ্ৰিয় শিল্পী সিদ্ধু মুছেৱালাই পুনৰ সংবাদ শিৰোনাম দখল কৰিছে। মৃত্যুৰ পিছত মুক্তি লাভ কৰিছে মুছেৱালাৰ অন্তিমটো গীতে। মুছেৱালাক গুলীয়াই হত্যা কৰাৰ পিছতো তেওঁৰ গীতসমূহে মানুহক আকৰ্ষণ কৰি আহিছে।
গায়কজনৰ অফিচিয়েল ইনষ্টাগ্ৰাম আজিও চলি আছে। তেওঁৰ একাংশ অনুৰাগীয়েই চলাইছে আছে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম ।অনুৰাগীসকলৰ মৰমে সিদ্ধুক মুছেৱালাক আজিও যেন জীয়াই ৰাখিছে। শেহতীয়াকৈ মুছেৱালাৰ অফিচিয়েল ইনষ্টাগ্ৰামত তেওঁ গাই থৈ যোৱা অন্তিমটো গান 'মেৰা না' মুকলি কৰা হৈছে। গীতটি শুনি অনুৰাগীসকলৰ চকু পুনৰ সেমেকি উঠিছে।অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় গায়কৰ কণ্ঠত নতুন গানটো শুনি আনন্দিত হৈছে। কিন্তু একেসময়তে সিদ্ধু আৰু নাই কথাষাৰ মনত পৰাত তেওঁলোক শোকদগ্ধ হৈ পৰিছে।
সিদ্ধুৰ শেষ গানটো মুক্তি পোৱাৰ লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।সিদ্ধুৰ পিতৃ-মাতৃয়ে আগতে ঘোষণা কৰিছিল যে তেওঁৰ পুত্ৰৰ অন্তিমটো গীত শীঘ্ৰে মুক্তি দিয়া হ’ব। সেইমৰ্মে মুছেৱালাই গোৱা অন্তিমটো গীত মুক্তি দিয়া হৈছে। এগৰাকী শিল্পী হিচাপে সিদ্ধুৰ জনপ্ৰিয়তা আছিল কল্পনাতীত। উল্লেখ্য সিদ্ধুৰ মৃত্যুৰ পিছত মুক্তি পোৱা তেওঁৰ এইটো তৃতীয় গান।উল্লেখ্য লৰেন্স বিষ্ণোইৰ দলে সিদ্ধুৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে।
সিদ্ধুৰ ঘনিষ্ঠ গায়ক মিকা সিঙে কৈছে "পঞ্জাৱ এতিয়া শিল্পীসকলৰ বাবে সুৰক্ষিত নহয়। কেৱল পঞ্জাৱতে নহয়, সিদ্ধুৰ মৃত্যুৰ পিছত, অভিনেতা চলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানেও মুম্বাই চহৰত মৃত্যুৰ ভাবুকি লাভ কৰিছে’’। আৰক্ষীয়ে সিদ্ধুক হত্যা কৰাৰ অভিযোগত লৰেন্সৰ দলটোৰ বহু কেইজন সদস্যক ক গ্ৰেপ্তাৰ কৰিছে।উল্লেখ্য ২০২২ চনৰ ২৯ মে'ত সিদ্ধুক দুৰ্বৃত্তই নিজৰ গাঁৱতে নিৰ্মমভাৱে হত্যা কৰিছিল।
Leave A Comment