ডিজিটেল ডেস্কঃ বিগ বি অমিতাভ বচ্চন আৰু অনুষ্কা শৰ্মাই হেলমেট অবিহনে বাইক চলোৱাৰ বাবে মুম্বাই আৰক্ষীৰ পৰা আইনী জাননী লাভ কৰিছে। হেলমেট অবিহনে বাইক চলাই থকা এই দুজন বলিউদ তাৰকাৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলে অনুষ্কা আৰু অমিতাভক উপহাস কৰিবলৈ আৰম্ভ কৰিছিল।
নেটিজেনসকলৰ হেঁচাত মুম্বাই আৰক্ষীয়ে তাৰকাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হৈছে।শেহতীয়াকৈ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত, অনুষ্কাক নিৰাপত্তাৰক্ষীৰ বাইকত বহি থকা দেখা গৈছে। তেওঁৰ মূৰত পিছে হেলমেট নাই। তেনেদৰেই অভিনেত্ৰীগৰাকী তেওঁৰ গন্তব্যস্থানত উপস্থিত হৈছিল। সূত্ৰ অনুসৰি ৰাস্তাত গছ বাগৰি পৰাৰ লগে লগে অনুষ্কাৰ গাড়ীখন আৱদ্ধ হৈ পৰে। আৰু সেইকাৰণে অনুষ্কাই বাইকত উঠিবলৈ বাধ্য হৈ পৰিছিল।
বিগ বিয়ে তেওঁৰ জীৱনৰ বহু ঘটনা সামাজিক মাধ্যমত প্ৰকাশ কৰিবলৈ লৈছিল। গতিকে তেওঁ তেওঁৰ 'বাইক বিষয়'ক কথাও বিতংভাৱে কৈছিল। তেওঁ তেনে ফটো শ্বেয়াৰো কৰিছিল। ছবিখনত অমিতাভক হালধীয়া টি-চাৰ্ট, টুপী আৰু হাফ পেণ্ট পিন্ধা এজন লোকৰ বাইকত বহি যোৱা দেখা গৈছে। বিগ বিয়ে আনকি লোকজনক ধন্যবাদ জনাবলৈও নাপাহৰিলে।
তেওঁ শ্বেয়াৰ কৰা ছবিখনৰ শিৰোনাম দিছিল, "ধন্যবাদ ভাই... মই তোমাক চিনি নাপাওঁ।।। কিন্তু যদি সহায় কৰে আৰু মোক গন্তব্যস্থানলৈ লৈ যায়... অনুষ্কা আৰু অমিতাভৰ ভিডিঅ' দেখি অনুৰাগীসকলে আমোদ পোৱাৰ সময়তে মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ ভিডিঅ' দেখি হতবাক হৈ পৰিছে।
Leave A Comment