ডিজিটেল ডেস্কঃ আজি নিশিতা গোস্বামীৰ জন্মদিন। চুৰেণ চোৰৰ পুতেক, কাদম্বৰী, দীনবন্ধু, মন, ৰত্নাকৰ আদি জনপ্ৰিয় ছৱিত মনপৰশা অভিয়েৰে অসমবাসীৰ হৃদয়ত স্থান লাভ কৰা মোহময়ী অভিনেত্ৰীগৰাকীয়ে আজি ৪০ বছৰ বয়সত ভৰি দিয়ে। নিশিতাৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে সবিশেষ।
ৰাষ্ট্ৰীয় পুৰকস্কাৰপ্ৰাপ্ত যশস্বী অভিনেত্ৰী মলয়া গোস্বামী আৰু প্ৰদীপ গোস্বামীৰ কন্যা নিশিতাৰ জন্ম হৈছিল ১৯৮২ চনৰ ১৯ অক্টোবৰত। জন্মস্থান গুৱাহাটী।
মাত্ৰ ৬ বছৰ বয়সতে ‘ৰাতি ফুলা ফুল’ নামৰ চিনেমাখনৰ জৰিয়তে নিশিতাই অভিনয় জগতত খোজ দিয়ে। ২০০২ চনত বাণী দাসৰ ‘মন’ নামৰ চিনেমাখনৰ দ্বাৰা তেওঁ নায়িকা হিচাপে অভিষেক ঘটায়। ‘মন’ত অভিনয় কৰি তেওঁ ২০০৩ চনৰ প্ৰাগ চিনে এৱাৰ্ডছ, জ্যোতি ৰূপা এৱাৰ্ডছ আৰু মুনলাইট মিডিয়া এৱাৰ্ডছ লাভ কৰে। তাৰ পাছৰে পৰা তেওঁ উভটি চোৱা নাই।
‘মন’ৰ পাছত মুনীন বৰুৱাৰ ৰং, দীনবন্ধু, ৰামধেনু, বাণী দাসৰ কাদম্বৰী, চন্দ্ৰ মুদৈৰ চুৰেণ চোৰৰ পুতেক, যতীন বৰাৰ অধিনায়ক আৰু ৰত্নাকৰ, এম মণিৰামৰ ‘মন যায়’ ইত্যাদি জনপ্ৰিয় ছৱিত তেওঁ অভিনয় কৰে।
কাদম্বৰী, চুৰেণ চোৰৰ পুতেক ইত্যাদি ছৱিত অভিনয় কৰা চৰিত্ৰসমূহৰ দ্বাৰা অসমৰ চিত্ৰপ্ৰেমীৰ বাবে নিশিতা এগৰাকী চিনাকি মুখ হৈ পৰে। চিনেমাৰ উপৰিও কেইবাখনো ভিচিডি আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো তেওঁ অভিনয় কৰিছে।
২০১১ চনত তেওঁ চয়ন চক্ৰৱৰ্তীৰ স’তে বিবাহপাশত আৱদ্ধ হয়। শ্বিলঙত বাস কৰা চক্ৰৱৰ্তী এগৰাকী কম্পিউটাৰ ইঞ্জিনিয়াৰ।
নিশিতাৰ শেহতীয়াকৈ মুক্তি লাভ কৰিব লগা চিনেমাখন হৈছে যতীন বৰাৰ ‘ৰাঘৱ’। জন্মদিনৰ পৱিত্ৰ ক্ষণত প্ৰাগ ডিজিটেলৰ তৰফৰ পৰা মোহময়ী অভিনেত্ৰীগৰাকীলৈ আগন্তুক দিনবোৰৰ বাবে শুভেচ্চা জ্ঞাপন কৰিছো।
Leave A Comment