ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰতিষ্ঠিত তথা জনপ্ৰিয় অভিনেতাৰ ভিতৰত অন্যতম পংকজ ত্ৰিপাঠী। বিগত দুটা দশক ধৰি অভিনয় জগতত অক্লান্তভাৱে কাম কৰি আহিছে পংকজ ত্ৰিপাঠীয়ে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত নিৰ্মিত তেওঁৰ আগন্তুক ছবি ‘মে অটল হুঁ’ত বৰ্তমান ব্যস্ত আছে অভিনেতাগৰাকী। এই ছবিখনৰ মুক্তিৰ পাছতেই অভিনয় এৰাৰ সিদ্ধান্ত লৈছে ৪৭ বছৰীয়া পংকজ ত্ৰিপাঠীয়ে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আধাৰিত এই ছবিখন ১৯ জানুৱাৰীত মুক্তি পাব।
এক সাক্ষাৎকাৰত পংকজে কয় যে তেওঁ নিজৰ ব্যস্ত কামৰ বাবে পৰ্যাপ্ত জিৰণি পোৱা নাই। কেনেকৈ তেওঁৰ সংগ্ৰামৰ দিনবোৰতো তেওঁ আঠ ঘণ্টাৰ টোপনি নিশ্চিত কৰিছিল সেয়াও তেওঁ ব্যক্ত কৰে। তেওঁ স্বীকাৰ কৰে যে আজিকালি তেনে কৰিবলৈ অক্ষম।
পংকজ ত্ৰিপাঠীয়ে কয় যে ‘৮ ঘণ্টা শুলে আমাৰ শৰীৰ ১৬ ঘণ্টাৰ বাবে সাজু হৈ থাকে। মোৰ সংগ্ৰামৰ বছৰবোৰত মই আগতে আঠ ঘণ্টা শুইছিলো, কিন্তু এতিয়া এই সফলতাৰ বছৰবোৰত মই তেনে কৰিবলৈ অক্ষম। আঠ ঘণ্টাৰ টোপনি লোৱাটো প্ৰয়োজনীয়। এতিয়া সেই আঠ ঘণ্টাৰ টোপনিৰ মূল্য উপলব্ধি কৰিছো। ‘মে অটল হুঁ’ ছবিখন মুক্তি পালেই সকলো প্ৰচাৰমূলক কাম-কাজ শেষ হ’লে মই কাম বাদ দিম। এজন ব্যক্তি হিচাপে মই অতি দৃঢ়প্ৰতিজ্ঞ। আঠ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন বুলি যদি মই মগজুত সোমোৱাই লব পাৰো তেন্তে সেই কাম মই কৰিব পাৰিম। আঠ ঘণ্টা জিৰণি লোৱাৰ মূল্য উপলব্ধি কৰি তেওঁ ছবিখনৰ প্ৰচাৰ শেষ হোৱাৰ পিছত জিৰণি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে, যাতে তেওঁ অতি প্ৰয়োজনীয় জিৰণি ল’ব পাৰে।
উল্লেখ্য যে ‘মে অটল হু’ৰ পৰিচালনা কৰিছে ৰবি যাদৱে আৰু চিত্ৰনাট্য ৰচনা কৰিছে ঋষি ভাৰ্মানুৱে।
Leave A Comment