comScore
  • ২৩ আৰু ২৪ ছেপ্তেম্বৰত প্ৰণয় বন্ধনত বান্ধ খাব ৰাঘৱ-পৰিনীতিয়ে; উদয়পুৰত ৰাজকীয় আয়োজন

    মনোৰঞ্জন
    ২৩ আৰু ২৪ ছেপ্তেম্বৰত প্ৰণয় বন্ধনত বান্ধ খাব ৰাঘৱ-পৰিনীতিয়ে; উদয়পুৰত ৰাজকীয় আয়োজন
    ডিজিটেল ডেস্কঃ হ্ৰদনগৰী উদয়পুৰ আকৌ এবাৰ এক বৃহৎ অনুষ্ঠানৰ সাক্ষী হ’বলৈ গৈ আছে। প্ৰতিবেদন অনুসৰি, আম আদমি পাৰ্টীৰ সাংসদ ৰাঘৱ চাদ্ধা আৰু অভিনেত্ৰী পৰিনীতি চোপ্ৰাই উদয়পুৰত চলিত মাহত বিবাহপাশত আবদ্ধ হ’ব। অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত উদয়পুৰত অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান।

    এই অনুষ্ঠানত বহু ডাঙৰ ডাঙৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। সেই অনুসৰি স্থানৰ বুকিং কৰা হৈছে। অৱশ্যে কোনো নিদিষ্ট পক্ষৰ পৰা আনুষ্ঠানিক নিশ্চিতি প্ৰদান কৰা হোৱা নাই। উল্লেখ্য যে পৰিনীতি চোপ্ৰা কেইসপ্তাহমানৰ আগতে উদয়পুৰলৈ আহিছিল আৰু বিয়াৰ বাবে স্থান ঠিক কৰিছিল।

    খবৰ অনুসৰি পৰিনীতি আৰু ৰাঘৱে বিয়াৰ বাবে উদয়পুৰৰ সীতাৰা হোটেল বুকিং কৰিছে। তেওঁলোকৰ বিয়াৰ অনুষ্ঠান লীলা পেলেচ আৰু উদয়াভিলাছ হোটেলত অনুষ্ঠিত হ’ব আৰু ইয়াত অতিথিসকলক থাকিবলৈ দিয়া হ’ব। দুয়োখন ষ্টাৰ হোটেলতে বুকিং কৰি প্ৰস্তুতি আৰম্ভ কৰা হৈছে। কোৱা হৈছে যে এই বিবাহত ৰাজনীতি আৰু চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত বহু তাৰকা আহিব। উদয়পুৰৰ অনুষ্ঠানৰ কথা ক’বলৈ গ’লে শেহতীয়াকৈ উদয়পুৰত জি-২০ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। ইয়াৰ উপৰিও আম্বানী পৰিয়ালৰ বিবাহ অনুষ্ঠানো ইয়াতেই অনুষ্ঠিত হৈছিল। 

    অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত ৰাঘৱ আৰু পৰিনীতিৰ সম্পন্ন বিবাহ হ’ব। কোৱা হৈছে যে ২২ তাৰিখৰ পৰা অতিথিৰ আগমনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মেহেন্দী,হলদি আৰু মহিলা সংগীতৰ কাৰ্যসূচী।